ছয়গাঁৱত সংঘটিত পথ দূৰ্ঘটনাত এজন নিহত
কামৰূপ, ১৬ এপ্ৰিল (হি.স.)। ভয়ংকৰ পথ দূৰ্ঘটনা । দক্ষিণ কামৰূপৰ কুকুৰমাৰাত ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয় । চাৰি লেনযুক্ত পথ নিৰ্মাণ কাৰ্য্যত ব্যৱহৃত গেডাৰ গাড়ীয়ে মহতীয়াই নিয়ে চাইকেল আৰোহীক । ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত গেডাৰ গাড়ীখনে শিল মিলাই থাকো
ছয়গাঁৱত সংঘটিত পথ দূৰ্ঘটনাত এজন নিহত


কামৰূপ, ১৬ এপ্ৰিল (হি.স.)। ভয়ংকৰ পথ দূৰ্ঘটনা । দক্ষিণ কামৰূপৰ কুকুৰমাৰাত ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয় । চাৰি লেনযুক্ত পথ নিৰ্মাণ কাৰ্য্যত ব্যৱহৃত গেডাৰ গাড়ীয়ে মহতীয়াই নিয়ে চাইকেল আৰোহীক । ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত গেডাৰ গাড়ীখনে শিল মিলাই থাকোঁতে চাইকেল আৰোহী ২৫ বছৰীয়া ৰঞ্জিত বৰুৱাৰ দেহৰ ওপৰেৰে চলাই নিয়ে গেডাৰ গাড়ীখন ।

ঘটনা সংঘটিত কৰাৰ পিছত চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।ঘটনাস্থলীত উপস্থিত ছয়গাঁও আৰু কুকুৰমাৰা আৰক্ষী ।সম্প্ৰতি চাইকেল আৰু মৃতদেহটো আৰক্ষীয়ে চকাৰ তলৰ পৰা উলিওৱাৰ ব্যৱস্থা কৰি আছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande