
নতুন দিল্লী, ১৬ এপ্ৰিল (হি.স.)। ৰাষ্ট্ৰপতি ভৱনৰ প্ৰাংগণত অনুষ্ঠিত হোৱা সাপ্তাহিক ‘গাৰ্ডৰ পৰিৱৰ্তন’ অনুষ্ঠান এই শনিবাৰে (১৮ এপ্ৰিল) অনুষ্ঠিত নহ’ব।
ৰাষ্ট্ৰপতি ভৱনৰ মতে, দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিৰ আগন্তুক চৰকাৰী ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আনুষ্ঠানিক আদৰণি অনুষ্ঠানৰ আখৰাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে।
উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমন্ত্ৰণত দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে-মিউঙে ১৯ এপ্ৰিলৰ পৰা ২১ এপ্ৰিললৈ আনুষ্ঠানিক ভাৰত ভ্ৰমণ কৰিব। এয়া হ’ব তেওঁৰ প্ৰথম আনুষ্ঠানিক ভাৰত ভ্ৰমণ। তেওঁৰ সৈতে থাকিব প্ৰথম মহিলা (ফাৰ্ষ্ট লেডী) কিম হেই-কিউং আৰু মন্ত্ৰী, জ্যেষ্ঠ বিষয়া, উদ্যোগ জগতৰ প্ৰতিনিধিৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া