
দৰং, ১৬ এপ্ৰিল (হি.স.)। সদ্য ঘোষিত চিবিএছচি ৰ দশম শ্ৰেণীৰ পৰীক্ষাত ৯৮.২ শতাংশ নম্বৰেৰে উৰ্ত্তীৰ্ণ গুৰুকুল গ্ৰুপ অৱ এডুকেশ্বন উইং ৰ ছাত্ৰী কস্তুৰী ডেকা আৰু ৯৭ শতাংশ লাভ কৰে মিনাৰ্ভা ভাৰতীয়ে। ভৱিষ্যত ছাত্ৰী গৰাকী এগৰাকী সু-চিকিৎসক হোৱাৰ সপোন আছে ৷ আনহাতে মিনাৰ্ভাৰ সাফল্যতাত শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ককাক আৰু আইতাকৰ অৰিহণা বহুত বুলি মন্তব্য কৰে ছাত্ৰী গৰাকীয়ে।
ছাত্ৰী দুগৰাকীৰ সফলতাত বিদ্য়ালয় কতৃপক্ষ উতফুল্লিত বুলি মন্তব্য় কৰে বিদ্য়ালয় খনৰ অধ্য়ক্ষ গৰাকী।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা