দেৰগাঁৱৰ নাম ঘৰত চোৰৰ লুতপাত
গোলাঘাট, ১৬ এপ্ৰিল (হি.স.)। ব''হাগ বিহুৰ উৎসাহ-উদ্বীপনাৰ মাজতে দেৰগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাণ্ড । দেৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত মিছামৰা মৌজাৰ ধৰমপুৰ গাঁৱৰ নামঘৰত চোৰে চলাই লুট-পাত। কালি নিশা ঘটনাটো পোহৰলৈ আহে । নামঘৰীয়াই নামঘৰৰ ভিতৰত প্
দেৰগাঁৱৰ নাম ঘৰত চোৰৰ লুতপাত


গোলাঘাট, ১৬ এপ্ৰিল (হি.স.)। ব'হাগ বিহুৰ উৎসাহ-উদ্বীপনাৰ মাজতে দেৰগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাণ্ড । দেৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত মিছামৰা মৌজাৰ ধৰমপুৰ গাঁৱৰ নামঘৰত চোৰে চলাই লুট-পাত। কালি নিশা ঘটনাটো পোহৰলৈ আহে । নামঘৰীয়াই নামঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ সময়তে মণিকুটৰ দৰ্জা ভঙা প্ৰত্যক্ষ কৰে।

চোৰৰ দলটোৱে গুৰু আসনত থকা সোণ-ৰূপৰ অলংকাৰ, নগদ ধন আৰু দান পাত্ৰ লৈ উধাও হয়। চোৰে কেৱল ধনেই নহয়, ধনৰ সন্ধানত নামঘৰৰ পবিত্ৰ কীৰ্তন পুথিও লণ্ডভণ্ড কৰি থৈ যায়, যাৰ ফলত স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে দেৰগাঁও আৰক্ষী ধৰমপুৰ গাঁৱৰ নামঘৰত উপস্থিত হয়। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নাই।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande