বাক্সাৰ বাৰাপেটাত ২৪ তম বাৰ্ষিক দক্ষিণ বাৰাপেটা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন
বাক্সা, ১৬ এপ্ৰিল (হি.স.)। বাক্সাৰ বাৰাপেটাত ২৪ তম বাৰ্ষিক দক্ষিণ বাৰাপেটা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন। সমগ্ৰ ৰাজ্যতে উলহ মালহেৰে আৰম্ভ হৈছে ৰঙালী বিহু সন্মিলন। সমান্তৰালভাৱে এইবেলিও বাক্সাৰ বাৰাপেটাত উদযাপন কৰা হ''ব ২৪ তম বাৰ্ষিক দ
বাক্সাৰ বাৰাপেটাত ২৪ তম বাৰ্ষিক দক্ষিণ বাৰাপেটা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন


বাক্সা, ১৬ এপ্ৰিল (হি.স.)। বাক্সাৰ বাৰাপেটাত ২৪ তম বাৰ্ষিক দক্ষিণ বাৰাপেটা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন। সমগ্ৰ ৰাজ্যতে উলহ মালহেৰে আৰম্ভ হৈছে ৰঙালী বিহু সন্মিলন। সমান্তৰালভাৱে এইবেলিও বাক্সাৰ বাৰাপেটাত উদযাপন কৰা হ'ব ২৪ তম বাৰ্ষিক দক্ষিণ বাৰাপেটা আঞ্চলিক ৰঙালী বিহু সন্মিলন।

সেই উপলক্ষে আজি বিহুতলিত মাংগলিক ৰীতি নীতিৰে স্থাপন কৰা হয় লাইখুঁটা। অহা ৪ আৰু ৫ ব'হাগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসচীৰে অনুষ্ঠিত হ’বলগীয়া ২৪তম বাৰ্ষিক দক্ষিণ বাৰাপেটা আঞ্চলিক ৰঙালী বিহু সন্মিলনত বিভিন্ন প্ৰতিযোগিতামূলক খেল-ধেমালিৰ উপৰিও বিহু নৃত্য,বিহুগীত,মুকলি পথাৰত মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

ইয়াৰোপৰি আকস্মিক বক্তৃতা,কুইজ, ৰচনা প্ৰতিযোগিতা আদিও অনুষ্ঠিত হ’ব। ১৯ এপ্ৰিল’ত বিয়লি মুকলি সভা আৰু সন্ধিয়া বিশেষ আকৰ্ষণীয় সাংস্কৃতিক সন্ধিয়াৰে বিহুৰ সামৰণি পৰিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande