বৰপেটাত আৰক্ষী অভিযানত ড্ৰাগছ সহ সৰবৰাহকাৰী আটক
বৰপেটা, ১৬ এপ্ৰিল (হি.স.)। বৰপেটা সদৰ আৰক্ষী থানাৰ অধীনস্থ কপোহা চʼক বজাৰৰ পৰা এজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰে। উল্লেখ্য যে ৪ নং ভাতকুছি গাঁৱৰ ছানোৱাৰ হুছেইন নামৰ সৰবৰাহকাৰী জনে দীৰ্ঘদিন অঞ্চলটোত মাৰাত্মক ড্ৰাগছৰ সৰবৰাহৰ সৈতে জড়িত হৈ অহাৰ অভিযোগ
বৰপেটাত আৰক্ষী অভিযানত ড্ৰাগছ সহ সৰবৰাহকাৰী আটক


বৰপেটা, ১৬ এপ্ৰিল (হি.স.)। বৰপেটা সদৰ আৰক্ষী থানাৰ অধীনস্থ কপোহা চʼক বজাৰৰ পৰা এজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰে। উল্লেখ্য যে ৪ নং ভাতকুছি গাঁৱৰ ছানোৱাৰ হুছেইন নামৰ সৰবৰাহকাৰী জনে দীৰ্ঘদিন অঞ্চলটোত মাৰাত্মক ড্ৰাগছৰ সৰবৰাহৰ সৈতে জড়িত হৈ অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল।

আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ছানোৱাৰ হুছেইন নামৰ সৰবৰাহকাৰী জনক হাতে - লোটে কপোহা চʼক বজাৰৰ নিজ হাৰ্ডৱেৰ দোকানৰ পৰা তিনি বাকচ সন্দেহযুক্ত হেৰʼইন সহ আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ছানোৱাৰ হুছেইনৰ পৰা জব্দ কৰা হেৰʼইনৰ পৰিমাণ ৩১.৬৯ গ্ৰাম।

ধৃত ছানোৱাৰ হুছেইন এই প্ৰাণনাশী ড্ৰাগছৰ ৰমৰমীয়া বেহাৰ সৈতে জড়িত হৈ সামাজিক পৰিৱেশ কলুষিত কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে আৰক্ষীয়ে তেওঁক জালত পেলোৱাত স্বাভাৱিকতেই আৰক্ষীক বৃহত্তৰ অঞ্চলটোৰ সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰা পৰিলক্ষিত হয়। সমান্তৰালকৈ আৰক্ষীয়ে জিম্মাত লোৱা ছানোৱাৰ হুছেইনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande