এক দেশ এক নির্বাচন, দেশজুৰি সমষ্টি পুননির্ধাৰণ, ৩৩ শতাংশ মহিলাৰ বাবে আসন সংৰক্ষণক আদৰণি ৰাজ্যিক বিজেপিৰ
গুৱাহাটী, ১৬ এপ্রিল (হি.স.)। ১৬ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে সংসদৰ বিশেষ অধিবেশন। এই অধিবেশনত এক দেশ এক নির্বাচন, দেশজুৰি সমষ্টি পুননির্ধাৰণৰ লগতে সংসদ তথা বিধানসভাত মহিলাৰ বাবে আসন সংৰক্ষণ-নাৰী শক্তি বন্দন অধিনিয়ম বিষয়ত তিনিখনকৈ গুৰুত্বপ
বিজেপিৰ ল'গ'


গুৱাহাটী, ১৬ এপ্রিল (হি.স.)। ১৬ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে সংসদৰ বিশেষ অধিবেশন। এই অধিবেশনত এক দেশ এক নির্বাচন, দেশজুৰি সমষ্টি পুননির্ধাৰণৰ লগতে সংসদ তথা বিধানসভাত মহিলাৰ বাবে আসন সংৰক্ষণ-নাৰী শক্তি বন্দন অধিনিয়ম বিষয়ত তিনিখনকৈ গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন হ'ব।

ইতিমধ্যে ২০৭ টা ভোটেৰে লোকসভাৰ মজিয়াত এক দেশ এক নির্বাচন বিধেয়ক গৃহীত হয় বুলি আজি এক বিবৃতি যোগে দলৰ মুখপাত্র প্রাঞ্জল কলিতাই জানিবলৈ দিয়ে। সংবিধান সংশোধনৰ জৰিয়তে সংসদৰ লগতে বিধানসভাত মহিলাৰ বাবে মহিলাৰ এক তৃতীয়াংশ অর্থাৎ ৩৩ শতাংশ আসন সংৰক্ষণৰে দেশৰ নাৰী শক্তিক অধিক গতি প্রদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তক ৰাজ্যিক বিজেপিৰ সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই আদৰণি জনায়।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande