সাংসদ, মন্ত্রী, বিধায়ক আৰু বিজেপিৰ ৰাজ্যিক বিষববীয়াৰ ৫০ জনীয়া দলে প্ৰচাৰ চলাব পশ্চিমবংগত
-বিধানসভা নির্বাচনত প্ৰচাৰ চলাবলৈ পশ্চিমবংগত উপস্থিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা গুৱাহাটী, ১৬ এপ্রিল (হি.স.)। সমাগত বিধানসভা নির্বাচনৰ বাবে অসম ৰাজ্যিক বিজেপিৰ ৫০ জনীয়া দল এটা আজি পশ্চিমবংগত উপস্থিত হয়। অহা ২৩ আৰু ২৯ এপ্রিল তাৰিখে দুটা পর্য
भाजपा लोगो


-বিধানসভা নির্বাচনত প্ৰচাৰ চলাবলৈ পশ্চিমবংগত উপস্থিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

গুৱাহাটী, ১৬ এপ্রিল (হি.স.)। সমাগত বিধানসভা নির্বাচনৰ বাবে অসম ৰাজ্যিক বিজেপিৰ ৫০ জনীয়া দল এটা আজি পশ্চিমবংগত উপস্থিত হয়। অহা ২৩ আৰু ২৯ এপ্রিল তাৰিখে দুটা পর্যায়ত অনুষ্ঠিত হ'বলগীয়া পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ বাবে অসমৰ দলটোৱে ৰাজ্যখনৰ বিভিন্ন সমষ্টিত নির্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে ৰাজ্যখনত উপস্থিত হয়।

উল্লেখযোগ্য যে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে পশ্চিমবংগত উপস্থিত হৈ কোচবিহাৰ, কালচিনি আৰু ফাঁচিদেওয়া বিধানসভা সমষ্টিত ৩ খনকৈ বিশাল জনসভাত সম্বোধন কৰিব। কেবিনেট মন্ত্ৰী পিযুষ হাজৰিকা, জয়ন্ত মল্লবৰুৱা, ৰনজিৎ কুমাৰ দাস, বিমল বৰা, ডাঃ ৰণোজ পেণ্ড, ৰূপেশ গোৱালা, কৃপানাথ মল্ল, ৰাজদ্বিপ ৰয়, কৃশনেন্দু পাল, কৌশিক ৰায় আৰু সাংসদ পৰিমল শুক্লবৈদ্যৰ লগতে কেইবাজনো বিধায়ক আৰু ৰাজ্যিক পৰ্যায়ৰ নেতাই ইতিমধ্যে পশ্চিমবংগৰ কেইবাটাও সমষ্টিত বাহৰ পাতিছে।

দেশত চলি থকা চাৰিখন ৰাজ্য আৰু এখন কেন্দ্রশাসিত অঞ্চলৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পশ্চিমবংগৰ নিৰ্বাচন বিজেপি দলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। ইতিমধ্যে কেইবাটাও ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে অমসত এনডিএৰ পক্ষত স্পষ্ট জনমতৰ কথা প্ৰকাশ পোৱাৰ সমান্তৰালভাৱে কেইবাটাও সংবাদ মাধ্যমে পশ্চিমবংগতো বিজেপিৰ সম্ভাৱনা ব্যক্ত কৰিছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande