
গুৱাহাটী, ১৬ এপ্রিল (হি.স.)। আজি অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত হোৱা গাম্ভীয্যপূর্ণ অনুষ্ঠানত জাপান কনছুলেট (Japan Consulate) ৰ প্ৰথম সচিব মায়ুমি স্তবাকিমোতো আৰু ৰাজনীতি বিভাগৰ জ্যেষ্ঠ সহায়ক কৃষ্ণ মনিষ চৌধুৰী উপস্থিতিত ভাৰত আৰু জাপানৰ সম্পৰ্কৰ বিষয়ে কেইবাটাও গুৰুত্বপূর্ণ বিষয়ত আলোচনা হয়।
এক বিবৃতি যোগে অসম বিজেপিৰ মুখপাত্র প্রাঞ্জল কলিতাই জানিবলৈ দিয়ে জাপানৰ দৃষ্টিত অসমত সম্ভাৱনা, বিনিয়োগ-ব্যৱসায়, মহিলা সৱলীকৰণ, যুৱ শক্তিৰ বিকাশ, বিজেপি দলৰ আদর্শ, অসম চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনি আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত উপস্থিত প্রতিনিধি সকলে মত বিনিময় কৰে। উল্লেখযোগ্য যে কাৰ্যসূচীটোত ৰাজ্যিক উপ-সভাপতি ৰত্না সিং, ৰাজ্যিক বিজেপিৰ সংবাদ বিভাগৰ আহ্বায়ক ৰূপম গোস্বামীৰ লগতে কেইবা গৰাকীও মুখপাত্র, মিডিয়া পেনেলিষ্ট আৰু সংবাদ বিভাগৰ সহঃআহ্বায়কসকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ