অন্ধ্ৰ প্ৰদেশৰ কুৰ্নুলত পথ দুৰ্ঘটনাঃ কৰ্ণাটকৰ ৮ জন ভক্তৰ মৃত্যু, ১২ জন আহত
হায়দৰাবাদ, ১৬ এপ্ৰিল (হি.স.)। অন্ধ্ৰপ্ৰদেশৰ কুৰ্ণুল জিলাত বৃহস্পতিবাৰে পুৱা সংঘটিত পথ দুৰ্ঘটনাত ৮ জন লোক নিহত হোৱাৰ লগতে কমেও ১২ জন আহত হয়। কৰ্ণাটক-অন্ধ্ৰ প্ৰদেশ সীমান্তৰ সমীপৱৰ্তী কুৰ্ণুল জিলাৰ ধৰ্মপুৰ টোল প্লাজাৰ পৰা প্ৰায় ৮-৯ কিলোমিটাৰ দূৰত্ব
कर्नुल में भीषण सड़क हादसा, कर्नाटक के आठ श्रद्धालुओं की मौत


হায়দৰাবাদ, ১৬ এপ্ৰিল (হি.স.)। অন্ধ্ৰপ্ৰদেশৰ কুৰ্ণুল জিলাত বৃহস্পতিবাৰে পুৱা সংঘটিত পথ দুৰ্ঘটনাত ৮ জন লোক নিহত হোৱাৰ লগতে কমেও ১২ জন আহত হয়। কৰ্ণাটক-অন্ধ্ৰ প্ৰদেশ সীমান্তৰ সমীপৱৰ্তী কুৰ্ণুল জিলাৰ ধৰ্মপুৰ টোল প্লাজাৰ পৰা প্ৰায় ৮-৯ কিলোমিটাৰ দূৰত্বত ১৬৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।

আৰক্ষীৰ মতে, ভক্তসকলে এখন সৰু পিকআপ ট্ৰাকত গৈ বিখ্যাত তীৰ্থস্থান মন্ত্ৰলয়মত শ্ৰী ৰাঘবেন্দ্ৰ স্বামী মঠ পৰিদৰ্শন কৰিবলৈ গৈ আছিল। কৰ্ণাটক-অন্ধ্ৰ প্ৰদেশ সীমান্তৰ মন্ত্ৰলয়মৰ চিলালাডোনাৰ সমীপত পুৱা ৩:৩০ বজাত পিকআপ ট্ৰাক আৰু ৰেডি মিক্স লৰীৰ মাজত মুখামুখি সংঘৰ্ষত কমেও ৮ জন ভক্ত নিহত হোৱাৰ লগতে ১২ জন লোক আহত হয়।দুৰ্ঘটনাৰ সময়ত মুঠ ২১ জন লোক পিকআপ ট্ৰাকখনত আছিল।

ইয়াৰে ৫জনৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে তিনিজনৰ আঘাতত চিকিৎসালয়ত মৃত্যু হয়। আহতসকলক য়েম্মিগানুৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। নিহত দুজন হৈছে কুমাৰ (৬০), দীপিকা বীনা (৩৫), সুনীল (৪০), বেলী (৩), মীনাক্ষী (৬০), পুত্তম্মা (৬০), টায়াম্মা (৬০), আৰু লোলেক্ষী।

য়েম্মিগানুৰ মহকুমা ডি এছ পি ভাৰ্গৱীয়ে জনোৱা মতে, আহতসকলৰ ভিতৰত ৭জনক পিছত উন্নত চিকিৎসাৰ বাবে কুৰ্ণুললৈ স্থানান্তৰ কৰা হয়, আনহাতে আন চাৰিজন লোকক অঞ্চলটোৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এজন ব্যক্তিৰ অৱস্থা সুস্থিৰ বুলি উল্লেখ কৰা হৈছে। তদন্তৰ অন্তত অধিক সবিশেষ উপলব্ধ হ’ব বুলিও কয় ছানীয়ে।

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে এই দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে। তেওঁ এই বিষয়ে বিষয়াসকলৰ পৰা সোধা-পোছা কৰি কয় যে দুখন বাহনৰ সংঘৰ্ষত ৮ জন লোকে প্ৰাণ হেৰুৱাই পেলোৱাটো অত্যন্ত মৰ্মান্তিক।

পৰিবহণ মন্ত্ৰী মণ্ডিপল্লী ৰামপ্ৰসাদ ৰেড্ডীয়েও ভয়ংকৰ পথ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে। মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি তেওঁ কয় যে তীৰ্থযাত্ৰীসকল ধৰ্মীয় তীৰ্থযাত্ৰাত থকাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হোৱটো অত্যন্ত দুখজনক।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande