
কামৰূপ, ১৬ এপ্ৰিল (হি.স.)। ৰঙিয়াত নৰপিশাচ পিতৃৰ কামনাৰ বলি ১৩ বছৰীয়া কন্যা, চিপ লৈ আত্মহত্যা কন্যা গৰাকীৰ । কন্যাৰ আত্মহত্যাৰ পিছৰে পৰা পলাতক অভিযুক্ত পিতৃ দুলাল মণ্ডল। আত্মহত্যাৰ পূৰ্বে কিশোৰী গৰাকীয়ে লিখি গৈছে ছুইচাইড নোট ।
ৰঙিয়াৰ হাইৱে চ’কৰ সমীপত সংঘটিত হৈছে উক্ত ঘটনা ।
বৰ্তমান কিশোৰী গৰাকীৰ মৃতদেহ জিএমচিএইছ ৰ মৰ্গত ৰখা হৈছে । ৰঙিয়া আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত । পলাতক দুলাল মণ্ডলক বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু