
গোলাঘাট, ১৫ এপ্ৰিল (হি.স.): গোলাঘাট জিলাৰ নুমলীগড় বাবাথানৰ ওচৰৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা কালি মঙলবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই ঘটনাত থিতাতে নিহত হৈছে এজন লোক। আন এজনক সংকটজনক অৱস্থাত যোৰহাটলৈ প্ৰেৰণ কৰা হৈছে।
ইফালে এতিয়ালৈ চিনাক্ত হোৱা নাই দূৰ্ঘটনাগ্ৰস্ত লোককেইজন। বাইক আৰু স্কুটি মুখামুখি সংঘৰ্ষ হোৱা বুলি জনা গৈছে। দুৰ্ঘটনাত নিহত লোকজনৰ মৃতদেহ নুমলীগড়ৰ বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ত ৰখা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ