
ৱাশ্বিংটন, ১৫ এপ্ৰিল (হি.স.)। আমেৰিকাৰ মধ্যস্থতাত ইজৰাইল আৰু লেবাননৰ মাজত প্ৰথম ৰাউণ্ডৰ প্ৰত্যক্ষ আলোচনাৰ সামৰণি পৰে। প্ৰায় তিনিটা দশকৰ পাছত অনুষ্ঠিত এই প্ৰত্যক্ষ আলোচনাক অঞ্চলটোত শান্তি ঘূৰাই অনাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ বুলি বিবেচিত হৈছে যদিও এতিয়াও যুদ্ধবিৰতিৰ ক্ষেত্ৰত কোনো সুনিৰ্দিষ্ট চুক্তি হোৱা নাই।
আমেৰিকাত ইজৰাইলৰ ৰাষ্ট্ৰদূত য়েচিয়েল লেইটাৰে লেবাননৰ ৰাষ্ট্ৰদূত নাদা হামাদেহৰ সৈতে দুঘণ্টীয়া বৈঠকক অত্যন্ত ইতিবাচক বুলি অভিহিত কৰে। তেওঁ কয় যে দুয়োপক্ষৰ মাজত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আৰু পৰামৰ্শ আলোচনা কৰা হৈছিল, যিবোৰ এতিয়া নিজ নিজ চৰকাৰৰ সন্মুখত দাখিল কৰা হ’ব।
কিন্তু ইজৰাইলে যুদ্ধবিৰতিৰ বিষয়টোত স্পষ্ট স্থিতি গ্ৰহণ কৰিছিল, কোনো প্ৰতিশ্ৰুতি দিবলৈ অস্বীকাৰ কৰিছিল। লেইটাৰে কয় যে তেওঁলোকৰ অগ্ৰাধিকাৰ কেৱল ইজৰাইলী নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰা আৰু সীমা অতিক্ৰম কৰি আক্ৰমণ চলি থকালৈকে সামৰিক ব্যৱস্থা বন্ধ কৰা নহ’ব।
তেওঁ হিজবুল্লাহক দুৰ্বল বুলি অভিহিত কৰি কয় যে ইজৰাইলে নিজৰ নিৰাপত্তাৰ ক্ষেত্ৰত আপোচ নকৰে। তেওঁ লগতে ইংগিত দিয়ে যে ভৱিষ্যতে লেবানন আৰু ইজৰাইলৰ মাজত উন্নত আৰু অধিক আনুষ্ঠানিক সম্পৰ্কৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।
লেবাননৰ এটা চৰকাৰী সংস্থাৰ মতে, এই আলোচনাসমূহ সীমান্তত ক্ৰমবৰ্ধমান উত্তেজনা হ্ৰাস কৰি স্থায়ী সমাধানৰ দিশত কৰা এক প্ৰাৰম্ভিক প্ৰয়াস। অনাগত সপ্তাহত দুয়োপক্ষই পুনৰ আলোচনাৰ বাবে বৈঠকত মিলিত হ’ব পাৰে।
এই আলোচনাৰ ফলত হয়তো তাৎক্ষণিক যুদ্ধবিৰতি নহ’বও পাৰে যদিও আলোচনা পুনৰ আৰম্ভ হোৱাটো নিজৰ মাজতে এক ইতিবাচক লক্ষণ, যিয়ে ভৱিষ্যতে শান্তি প্ৰক্ৰিয়াক আগুৱাই নিব পাৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া