‘অপাৰেচন সিন্দুৰ’ত অভিনয় কৰিব পাৰে বৰুণ ধৱন
বিবেক অগ্নিহোত্ৰীয়ে তেওঁৰ পৰৱৰ্তী অভিলাষী ছবি অপাৰেচন সিন্দুৰৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে। টি ছিৰিজৰ স্বত্বাধিকাৰী ভূষণ কুমাৰৰ সৈতে এই প্ৰকল্পৰ ঘোষণাই দৰ্শকৰ মাজত প্ৰচণ্ড উত্তেজনাৰ সৃষ্টি কৰিছে। শেহতীয়া খবৰ অনুসৰি বৰুণ ধৱনক মুখ্য চৰিত্ৰৰ বাব
वरुण धवन - फोटो सोर्स एक्स


বিবেক অগ্নিহোত্ৰীয়ে তেওঁৰ পৰৱৰ্তী অভিলাষী ছবি অপাৰেচন সিন্দুৰৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে। টি ছিৰিজৰ স্বত্বাধিকাৰী ভূষণ কুমাৰৰ সৈতে এই প্ৰকল্পৰ ঘোষণাই দৰ্শকৰ মাজত প্ৰচণ্ড উত্তেজনাৰ সৃষ্টি কৰিছে। শেহতীয়া খবৰ অনুসৰি বৰুণ ধৱনক মুখ্য চৰিত্ৰৰ বাবে বিবেচনা কৰা হৈছে।

সূত্ৰ অনুসৰি, নিৰ্মাতাসকলে বৰুণ ধৱনক ছবিখনৰ প্ৰস্তাৱ দিছে আৰু অভিনেতাগৰাকীয়ে প্ৰাৰম্ভিক আগ্ৰহ প্ৰকাশ কৰিছে। খবৰ আহিছে যে অতি সোনকালে তেওঁক সমগ্ৰ চিত্ৰনাট্যখনৰ বৰ্ণনা কৰা হ’ব, তাৰ পিছত তেওঁ প্ৰকল্পটোৰ ওপৰত চূড়ান্ত সিদ্ধান্ত ল’ব । এই খবৰে বৰুণৰ অনুৰাগীসকলৰ মাজত উত্তেজনা আৰু অধিক ইন্ধন যোগাইছে, কিয়নো বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু অতিশয় চৰ্চিত বুলি বিবেচিত হৈছে ।

মন কৰিবলগীয়া যে বৰুণ ধাৱনে শেহতীয়াকৈ কৰ্মৰ পৰা অলপ বিৰতি লৈ নিজৰ ব্যক্তিগত জীৱনত সময় উচৰ্গা কৰিছিল। তেওঁৰ ছোৱালী লাৰাৰ লগত সময় কটাব বিচাৰিছিল। এতিয়া খবৰ আহিছে যে তেওঁ পুনৰ চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰলৈ ঘূৰি আহিবলৈ সাজু হৈছে আৰু কেইবাটাও প্ৰকল্পৰ কথা চিন্তা কৰিছে ।

ৱৰ্ক ফ্ৰণ্টত বৰুণক অতি সোনকালে দেখা যাব হেয় জৱানী তো ইছক হোনা হেয় ছবিখনত, য'ত পূজা হেগডে আৰু মৃণাল ঠাকুৰেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। অপাৰেচন সিন্দুৰৰ আনুষ্ঠানিক কাষ্টিং ঘোষণা এতিয়াও বাকী থকাৰ সময়তে বৰুণ ধৱনৰ প্ৰৱেশৰ খবৰে ছবিখনক লৈ হোৱা চৰ্চাৰ আৰু অধিক ইন্ধন যোগাইছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande