চামগুৰিত চিলনী চোৰৰ তাণ্ডৱ
চামগুৰিত চিলনী চোৰৰ তাণ্ডৱ।
চামগুৰিত চিলনী চোৰৰ তাণ্ডৱ


নগাঁও, ১৪ এপ্ৰিল (হি.স.): নগাঁও জিলাৰ চামগুৰিত যোৱা কালি সোমবাৰে সন্ধিয়া চিলনী চোৰৰ দলে তাণ্ডৱৰ সৃষ্টি কৰে। এগৰাকী ৭০ উৰ্দ্ধৰ বৃদ্ধাৰ ডিঙিৰ পৰা কঢ়ি লৈ গ'ল এডাল সোণৰ চেইন।

বাইকেৰে আহিছিল দুজন দুধৰ্ষ চিলনী চোৰ। চেইন কাঢ়ি দ্ৰুত বেগেৰে বাইক চলাই পলায়ন কৰে চিলনী চোৰ দুটা।চেইন চুৰি হোৱাৰ পাছত বৃদ্ধা গৰাকী কান্দোনত ভাগি পৰা পৰিলক্ষিত হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande