ইউএছপিএলৰ চতুৰ্থ ছিজন ২০ নৱেম্বৰৰ পৰা আৰম্ভ, ফ্ল’ৰিডাই কৰিব আয়োজন
ফ্ল’ৰিডা, ১৪ এপ্ৰিল (হি.স.)। ইউনাইটেড ষ্টেটছ প্ৰিমিয়াৰ লীগ (ইউ এছ পি এল)ৰ চতুৰ্থ ছিজনত পুনৰ ঘূৰি আহিব। ২০২৬ চনৰ ২০ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈকে ফ্ল’ৰিডাৰ আইকনিক ব্ৰৱাৰ্ড কাউন্টি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা । লীগ পৰিচালনা সমিতিয়েও এই ছ
यूनाइटेड स्टेट्स प्रीमियर लीग लोगो


ফ্ল’ৰিডা, ১৪ এপ্ৰিল (হি.স.)। ইউনাইটেড ষ্টেটছ প্ৰিমিয়াৰ লীগ (ইউ এছ পি এল)ৰ চতুৰ্থ ছিজনত পুনৰ ঘূৰি আহিব। ২০২৬ চনৰ ২০ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈকে ফ্ল’ৰিডাৰ আইকনিক ব্ৰৱাৰ্ড কাউন্টি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা ।

লীগ পৰিচালনা সমিতিয়েও এই ছিজনত দুটা নতুন ফ্ৰেঞ্চাইজি যোগ কৰাৰ পৰিকল্পনা কৰিছে, যাৰ ফলত প্ৰতিযোগিতাখন আৰু অধিক ৰোমাঞ্চকৰ হৈ পৰিছে।

লীগৰ প্ৰত্যাৱৰ্তনৰ সন্দৰ্ভত মন্তব্য কৰি ইউএছপিএলৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ জয়দীপ সিঙে কয়, ইউএছপিএলে চতুৰ্থ ছিজনৰ সৈতে সম্প্ৰসাৰণৰ পৰৱৰ্তী পৰ্যায়ত প্ৰৱেশ কৰিছে। এইবাৰ আমি দৰ্শকক আকৰ্ষণ কৰিবলৈ মনোৰঞ্জনৰ নতুন মাত্ৰা সংযোজন কৰিম। শীঘ্ৰে কেইবাটাও নতুন অংশীদাৰিত্ব আৰু ডাঙৰ ঘোষণা কৰা হ'ব। আমি খেলুৱৈ আৰু ক্ৰিকেট সম্প্ৰদায়ৰ পৰা প্ৰচণ্ড সমৰ্থন লাভ কৰিছো আৰু আমি উদীয়মান খেলুৱৈসকলক বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈসকলৰ সৈতে খেলাৰ সুযোগ দি যাম। এই ছিজনটো হ'ব ক্ৰিকেটৰ উৎসৱ, য'ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ডাঙৰ নাম আৰু আমেৰিকাৰ শ্ৰেষ্ঠ খেলুৱৈসকলে অংশগ্ৰহণ কৰিব।'

ছিজন ৩ৰ গুঞ্জৰিত সফলতাৰ পিছত আশা আকাশলংঘী

পূৰ্বৰ ছিজনৰ প্ৰচণ্ড সফলতাৰ পিছতে ইউএছপিএলৰ ৪ নং ছিজন । তৃতীয় ছিজনত নিউয়ৰ্ক কাউবয়ে ফাইনেলত মেৰিলেণ্ড মেভেৰিক্সক ৭ উইকেটত পৰাস্ত কৰি খিতাপ দখল কৰে। এই মেচখন ব্ৰৱাৰ্ড কাউন্টি ষ্টেডিয়ামতো অনুষ্ঠিত হৈছিল ।

যোৱা ছিজনত কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় আৰু আমেৰিকান খেলুৱৈয়ে আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াইছিল, ইয়াৰে বহুতেই ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬তো আমেৰিকাক প্ৰতিনিধিত্ব কৰিছিল ।

আমেৰিকাৰ অধিনায়ক মনাংক পেটেল আৰু বেগী বলাৰ সৌৰভ নেট্ৰাভালকাৰে বিশ্বকাপলৈ লীগৰ প্ৰদৰ্শন অব্যাহত ৰখাৰ বিপৰীতে অলৰাউণ্ডাৰ শ্বেডলী ভান শ্বাকৱিকেও নিজৰ নাম উজলাইছিল । এৰন জ’নছ আৰু ভাৰতৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ বিজয়ী প্ৰাক্তন অধিনায়ক উনমুক্ত চান্দেও এই প্ৰতিযোগিতাত বাৰ উন্নীত কৰে।

নিউয়ৰ্ক কাউবয়ৰ অধিনায়ক জেক লিণ্টটে ছিজন ৩ৰ আটাইতকৈ ডাঙৰ নায়ক বুলি প্ৰমাণ কৰি ফাইনেলত মেচ বিজয়ী প্ৰদৰ্শন আগবঢ়াই দলটোক খিতাপ দখললৈ লৈ যায়।

ক্ৰিকেটৰ সম্প্ৰসাৰণৰ দিশত এক বৃহৎ পদক্ষেপ

নতুন দলৰ সংযোজন, আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ অংশগ্ৰহণ আৰু প্ৰতিষ্ঠানিক সমৰ্থনৰ লগে লগে ইউএছপিএলৰ ছিজন ৪য়ে হাই-ভোল্টেজ টি-২০ ক্ৰিকেটৰ প্ৰতিশ্ৰুতি দিছে । আমেৰিকাত ক্ৰিকেটক মূলসুঁতিৰ খেল হিচাপে গঢ়ি তোলাত এই লীগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande