
লাহোৰ, ১৪ এপ্ৰিল (হি.স.)। পাকিস্তান ছুপাৰ লীগে জিম্বাবুৱেৰ বেগী বলাৰ ব্লেছিং মুজাৰাবানীক পি এছ এল এৰি ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত খেলাৰ সিদ্ধান্তৰ বাবে দুবছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে।
প্ৰথমে আই পি এল আৰু পি এছ এল দুয়োটা নিলামতে বিক্ৰী নোহোৱাকৈয়ে আছিল ২৯ বছৰীয়া মুজাৰাবাণী। পৰৱৰ্তী সময়ত তেওঁক ইছলামবাদ ইউনাইটেডে সলনি খেলুৱৈ হিচাপে চুক্তিবদ্ধ কৰে। কিন্তু পিছত কলকাতা নাইট ৰাইডাৰ্ছে (কে কে আৰ) তেওঁক চুক্তিৰ প্ৰস্তাৱ দিয়াৰ লগে লগে তেওঁ চুক্তি ত্যাগ কৰে। বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানৰ সৈতে দলটোৱে চুক্তি বন্ধ কৰিবলগীয়া হোৱাৰ পিছতে তেওঁক চুক্তিবদ্ধ কৰে কলকাতাই।
মুজাৰাবানীয়ে এতিয়ালৈকে আই পি এল ২০২৬ত দুখন মেচ খেলিছে আৰু দ্বিতীয়খন মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৪টা উইকেট দখল কৰি উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ কৰ্বিন বছক একেধৰণৰ গোচৰত এবছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।
আন খেলুৱৈসকলেও একচনৰ সন্মুখীন হ’ব পাৰে। এই ছিজনত স্পেন্সৰ জনছন আৰু দছুন শানাকাইও পি এছ এল এৰি আই পি এল খেলাৰ সিদ্ধান্ত লৈছে। যদিও এতিয়াও আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই, তথাপিও তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা লোৱাৰ সম্ভাৱনা আছে।
পি এছ এলৰ কঠোৰ বক্তব্যঃ লীগে কয় যে ফ্ৰেঞ্চাইজি ক্ৰিকেটত স্বচ্ছতা আৰু অনুশাসন অতি প্ৰয়োজনীয়। বৰ্তমানৰ চুক্তি এখন লৈ আন এখন লীগত যোগদান কৰাটো নিয়ম উলংঘা আৰু ব্যৱস্থাটোৰ প্ৰতি থকা আস্থাক ক্ষতিগ্ৰস্ত কৰে। পি এছ এলে স্পষ্ট কৰি দিয়ে যে দুবছৰীয়া নিষেধাজ্ঞাই এই উলংঘাৰ ভয়াৱহতাক প্ৰতিফলিত কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া