আইপিএলত চাকিব হুছেইনৰ আকৰ্ষণীয় প্ৰদৰ্শনৰ সন্দৰ্ভত বিচিএৰ সভাপতি হৰ্ষ বৰ্ধনৰ প্ৰশংসা
নতুন দিল্লী, ১৪ এপ্ৰিল (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ অভিষেক মেচখনত বিহাৰৰ যুৱ বেগী বলাৰ ছাকিব হুছেইনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। সুখ প্ৰকাশ কৰি বিহাৰ ক্ৰিকেট সন্থাৰ (বিচিএ) সভাপতি হৰ্ষ বৰ্ধনে ইয়াক বিহাৰ ক্ৰিকেটৰ বাবে এক গৌৰৱৰ মুহূ
बिहार क्रिकेट एसोसिएशन के अध्यक्ष हर्षवर्धन


নতুন দিল্লী, ১৪ এপ্ৰিল (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ অভিষেক মেচখনত বিহাৰৰ যুৱ বেগী বলাৰ ছাকিব হুছেইনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। সুখ প্ৰকাশ কৰি বিহাৰ ক্ৰিকেট সন্থাৰ (বিচিএ) সভাপতি হৰ্ষ বৰ্ধনে ইয়াক বিহাৰ ক্ৰিকেটৰ বাবে এক গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰে।

হৰ্ষ বৰ্ধনে কয় যে ছাকিবৰ এই প্ৰদৰ্শনে প্ৰমাণ কৰে যে বিহাৰৰ খেলুৱৈসকলৰ ডাঙৰ মঞ্চত ভাল প্ৰদৰ্শন কৰাৰ সম্ভাৱনা আছে। ভৱিষ্যতেও ছাকিবে ভাল প্ৰদৰ্শন আগবঢ়াই যাব বুলি আশা প্ৰকাশ কৰে।

গোপালগঞ্জ জিলাৰ ছাকিব হুছেইনে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ আই পি এলৰ প্ৰথমখন খেলত উজ্জ্বল বলিং কৰে। ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলখনত তেওঁ ৪ অভাৰত ২৪ ৰানত ৪টা উইকেট দখল কৰি দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

বিচিএৰ সম্পাদক জিয়াউল আৰ্ফিনেও ছাকিবৰ এই প্ৰদৰ্শনক প্ৰশংসা কৰি কয় যে সামগ্ৰিকভাৱে বিহাৰ ক্ৰিকেটৰ বাবে এয়া এক গৌৰৱৰ মুহূৰ্ত। তেওঁ লগতে কয় যে ছাকিবৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠা যুৱ খেলুৱৈসকলৰ বাবে প্ৰেৰণাৰ উৎস।

এই মেচখনত ছাকিব হুছেইনে যশস্বী জয়ছৱাল, ড’নভান ফেৰেইৰা, জোফ্ৰা আৰ্চাৰ, ৰবি বিষ্ণোইৰ দৰে গুৰুত্বপূৰ্ণ বেটছমেনক আউট কৰি নিজৰ প্ৰতিভাক উজ্জ্বলভাৱে প্ৰদৰ্শন কৰে।

মধ্যবিত্ত পৰিয়ালৰ পৰা অহা ছাকিব হুছেইনৰ এই যাত্ৰা সঁচা অৰ্থত প্ৰেৰণাদায়ক হৈ পৰিছে। তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু অনুশাসনে তেওঁক এই পদত আগুৱাই লৈ গৈছে, যিয়ে বিহাৰত ক্ৰিকেটৰ ক্ৰমবৰ্ধমান আন্তঃগাঁথনি আৰু সুযোগৰ প্ৰতিও প্ৰতিফলন ঘটায়।

এই সাফল্যৰ বাবে বিহাৰ ক্ৰিকেট সন্থাই ছাকিব হুছেইনক অভিনন্দন জনোৱাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande