ছিপাঝাৰত কৃষিজীৱি ৰাইজে সন্মিলিতভাবে গৰু বিহু উদযাপন
দৰং, ১৪ এপ্ৰিল (হি.স.)। সাতামপুৰুষীয়া পৰম্পৰাক সাৰোগত কৰি আজি অসমীয়াই পালন কৰিব লৈছে গৰু বিহু। ছিপাঝাৰৰ ছেঙাপাৰাৰ কৃষিজীৱি ৰাইজে সন্মিলিতভাবে গৰু বিহু পালন কৰিবলৈ পুৱাৰ পৰাই আৰম্ভ কৰিছে প্ৰস্তুতি। পশুধন সমূহক গা ধুৱাব-নোৱাবৰ বাবে পুৱাতেই সকলোৱে মাহ
ছিপাঝাৰত কৃষিজীৱি ৰাইজে সন্মিলিতভাবে গৰু বিহু উদযাপন


দৰং, ১৪ এপ্ৰিল (হি.স.)। সাতামপুৰুষীয়া পৰম্পৰাক সাৰোগত কৰি আজি অসমীয়াই পালন কৰিব লৈছে গৰু বিহু। ছিপাঝাৰৰ ছেঙাপাৰাৰ কৃষিজীৱি ৰাইজে সন্মিলিতভাবে গৰু বিহু পালন কৰিবলৈ পুৱাৰ পৰাই আৰম্ভ কৰিছে প্ৰস্তুতি। পশুধন সমূহক গা ধুৱাব-নোৱাবৰ বাবে পুৱাতেই সকলোৱে মাহ-হালধী প্ৰস্তুত কৰাৰ লগতে সাজু কৰিছে যাৱতীয় সম্ভাৰ।

কেইবা খনো গাওৰ ৰাইজে সমীপৱৰ্তী ননৈ নদীত গাওঁখনৰ পৰিয়ালে সমূহীয়াকৈ গৰুক গা ধুৱাই উদযাপন কৰিছে বাপতি সাহোন বিহুটি। উল্লেখ্য যে ছিপাঝাৰৰ ছেঙাপাৰাৰ ৰাইজে সুদীৰ্ঘ ত্ৰিশ বছৰ ধৰি সমূহীয়াকৈ পালন কৰি আহিছে গৰু বিহু।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande