
ওদালগুৰি, ১৪ এপ্ৰিল (হি.স.): ওদালগুৰি জিলাৰ কৌপাটি অন্তৰ্গত ঝাকোৱাত অসম মালা পথত যোৱা কালি সোমবাৰে সন্ধিয়া সংঘটিত হয় এক য়ংকৰ পথ দুর্ঘটনা। তীব্ৰ বেগী বাইক আৰু এম্বুলেন্স লগত খুন্দাত নিহত হয় এজন আৰু আন এজন আহত বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাটোত নিহত ব্যক্তিজনৰ নাম জয় আৰু আহত ব্যক্তি জন উমেশ নাগ বুলি জনা গৈছে। দুয়োৰে ঘৰ ঢেকীয়াজুলি ছপাই বাগানত বুলি কোৱা হৈছে। ।উক্ত ঘটনা স্থলীত লগে লগে আৰক্ষীৰ লোক আহি আহত লোকজনক ততাতয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ