
মৰিগাঁও, ১৪ এপ্ৰিল (হি.স.): মৰিগাঁও সোণাৰীগাঁৱত যোৱা কালি সোমবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । সোণাৰী গাঁৱত সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্ঘটনাত এজন নিহত আৰু এজন যুৱক গুৰুতৰভাৱে আহত হয়।
আহত লোকজনক সংকট জনক অৱস্থাত মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। নিহত হোৱা যুৱক মৰিগাঁও জিলাৰ মহিন্দ্ৰা ডিলাৰট কৰ্মৰত বুলি ধাৰণা কৰা হৈছে।দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ নম্বৰ এইচ পি ৩ বিজি ৭২০৬ বুলি কোৱা হৈছে। বৰ্তমানলৈ নিহত যুৱক জনৰ লগতে আহত পৰিচয় জানিব পৰা হোৱা নাই।ঘটনাস্থলীত মৰিগাঁও আৰক্ষী উপস্থিত হয় তদন্ত অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ