বজালী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
বজালী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
বজালী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা


বৰপেটা, ১৪ এপ্ৰিল (হি.স.): বজালী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা কালি সোমবাৰে বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। বজালী হৰিপুৰ চকত এই পথ দুৰ্ঘটনা সংঘটিত হয়।দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।

এই দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হয় তিনি জন বাইক আৰোহী । গুৰুতৰ ভাবে আহত দুজনৰ নাম ভক্তৰদবা গাঁৱৰ চাবেদ আলী আৰু কলগছিয়াৰ আজিযুৰ হক বুলি জনা গৈছে । আহত আটাইকেইজনক পাঠশালা শ্বহীদ মদন ৰাউটা অসামৰিক চিকিৎসালয় ভৰ্তি কৰা হয় যদিও ২ জন ব্যক্তিক বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।

ঘটনা স্থলীত পাঠশালা আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande