
গান্ধীনগৰ, ১৪ এপ্ৰিল (হি.স.)। গুজৰাট ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি লোকভৱন পৰিদৰ্শন কৰি ভাৰতীয় সংবিধানৰ স্থপতি বাবাছাহেব ড° ভীমৰাও আম্বেদকাৰৰ ১৩৫ সংখ্যক জন্ম জয়ন্তীত তেওঁৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই উপলক্ষে ৰাজ্যপাল আচাৰ্য দেৱব্ৰত আৰু উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। বাবাছাহেবৰ প্ৰতিকৃতিত ৰাজ্যপালে পুস্পাঞ্জলি আগবঢ়ায়।
উল্লেখযোগ্য যে মধ্যপ্ৰদেশৰ মহৌৰ মহৰ (দলিত) পৰিয়ালত জন্মগ্ৰহণ কৰা বাবাছাহেবে কলম্বিয়া বিশ্ববিদ্যালয় আৰু লণ্ডন স্কুল অৱ ইকনমিক্সৰ পৰা অৰ্থনীতি বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। তেওঁ দলিতৰ বিৰুদ্ধে সামাজিক বৈষম্য আৰু অস্পৃশ্যতাৰ বিৰুদ্ধে আজীৱন সংগ্ৰাম চলাইছিল। তেওঁ মহিলা আৰু শ্ৰমিকৰ অধিকাৰৰ প্ৰতিও তীব্ৰ সমৰ্থন আগবঢ়ায়।
ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ হিচাপে তেওঁ আধুনিক ভাৰতৰ ভেটি স্থাপনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অন্তিম বছৰত তেওঁ হিন্দু ধৰ্ম ত্যাগ কৰি বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে। ১৯৯০ চনত তেওঁক মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰা হয় । বাবা চাহেবক প্ৰতি বছৰে ১৪ এপ্ৰিলত ‘আম্বেদকাৰ জয়ন্তী’ বা ‘সমতা দিৱস’ হিচাপে স্মৰণ কৰা হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া