
ইছলামাবাদ, ১৪ এপ্ৰিল (হি.স.)। পাকিস্তান বিমানবন্দৰ কৰ্তৃপক্ষ (পিএএ)ৰ এগৰাকী মুখপাত্ৰই মঙলবাৰে ঘোষণা কৰে যে লাহোৰৰ আল্লামা ইকবাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ছৌদি আৰৱলৈ প্ৰথমখন হজ বিমান ১৮ এপ্ৰিলত যাত্ৰা কৰিব । লাহোৰ বিমানবন্দৰৰ পৰা প্ৰি-হজ বিমানৰ সময়সূচীও চূড়ান্ত কৰা হৈছে । এই সূচীত চাৰিটা বিমান সংস্থাৰ পৰা মুঠ ১০১খন বিমান সেৱা অন্তৰ্ভুক্ত কৰা হৈছে ।
দুনিয়া নিউজৰ মতে, মুখপাত্ৰগৰাকীয়ে জনোৱা মতে, লাহোৰৰ পৰা হজ প্ৰাক অভিযানত পিএএই ৩৩খন বিমান চলাব, আনহাতে ছৌদি এয়াৰলাইন্সে ২৯খন, এয়াৰ ব্লু ২৪খন, আৰু এয়াৰ ছিয়ালে ১৫খন বিমান চলাব।
মুখপাত্ৰগৰাকীয়ে জনোৱা মতে, ১৮ এপ্ৰিলত লাহোৰৰ পৰা মদিনালৈ ৰাওনা হ’ব ছৌদি এয়াৰলাইন্সৰ বিমান এছভি-৫৭৩৫।সূচী অনুসৰি লাহোৰ বিমানবন্দৰৰ পৰা হজ পূৰ্বৰ শেষ বিমানখন ২০২৬ চনৰ ২১ মে’ত চলিব।
हिन्दुस्थान समाचार / Manoj Kumar Saikia