


নতুন দিল্লী, ১৪ এপ্ৰিল (হি.স.)। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰধানমন্ত্ৰী সংগ্ৰহালয় আৰু পুথিভঁৰালৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস মঙলবাৰে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ ফিলাটেলিক প্ৰদৰ্শনী উদ্বোধন কৰে। অনুষ্ঠানৰ সময়ত তেওঁ সংবিধান, বাবা চাহেব ড° আম্বেদকাৰ, আৰু প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে জড়িত বিশেষ পোষ্টকাৰ্ড মুকলি কৰে।
অনুষ্ঠানত উপস্থিত থাকে পিএমএমএলৰ কাৰ্যবাহী পৰিষদৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰ, সঞ্চালক প্ৰধান (ডাক) জিতেন্দ্ৰ গুপ্তাৰ লগতে ডাক বিভাগ আৰু প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ৰ বিষয়াসকল।
অনুষ্ঠানৰ সময়ত সিন্ধিয়াক দেশৰ প্ৰধানমন্ত্ৰী আৰু সংবিধানৰ স্থপতি বাবা চাহেব আম্বেদকাৰৰ সাফল্যৰ ওপৰত এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। দেশৰ সকলো প্ৰধানমন্ত্ৰীৰ অৱদানৰ স্মৃতিত আজিলৈকে জাৰি কৰা সকলো ডাক টিকট, পিএমএমএল চৌহদত প্ৰদৰ্শিত হোৱা সকলো ডাকটিকটও তেওঁ চায়।
সিন্ধিয়াই কয় যে আজি সংবিধান আৰু বাবা চাহেবক শ্ৰদ্ধাঞ্জলি জনোৱাৰ দিন। ডাক বিভাগ আৰু প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ে যৌথভাৱে সমগ্ৰ দেশতে প্ৰদৰ্শনী আৰু সুবিধাৰ জৰিয়তে এই অংশীদাৰিত্বক আগুৱাই নিব। এই পদক্ষেপৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ত ডাক বিভাগৰ আউটলেট স্থাপন কৰা হ’ব।
তেওঁ উল্লেখ কৰে যে বিগত ৭৫ বছৰত ডাক বিভাগে ভাৰতৰ স্বাধীনতা আৰু গণতান্ত্ৰিক ব্যৱস্থাত যিদৰে অৰিহণা যোগাইছে, আগন্তুক ২২ৰ পৰা ৩০ বছৰতো ই নিজৰ দায়িত্ব পালন কৰি যাব। তেওঁ ইয়াক কেৱল শ্ৰদ্ধাঞ্জলি নহয় বৰঞ্চ ভৱিষ্যত ভাৰতক স্বাৱলম্বী, শক্তিশালী, আৰু বিকশিত কৰাৰ দিশত আমি সকলোৱে একেলগে আগবাঢ়ি যাম বুলি এক প্ৰতিশ্ৰুতি বুলি অভিহিত কৰে।
প্ৰায় ৪৫ মিনিটৰ এই কাৰ্যসূচীত প্ৰদৰ্শনীৰ উদ্বোধন, ফিলাটেলিক প্ৰদৰ্শন ভ্ৰমণ, পোষ্টকাৰ্ড মুকলি কৰা, বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা আদি অন্তৰ্ভুক্ত কৰা হৈছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া