
-দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিডৰ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
ডেৰাডুন, ১৪ এপ্ৰিল (হি.স.)। বহু প্ৰত্যাশিত দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিডৰ মঙলবাৰে উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পথ, ৰে’লপথ আৰু অন্যান্য আন্তঃগাঁথনি দেশখনৰ “ভাগ্যৰ ৰেখা” আৰু ভাৰতে বিগত দশকত এইবোৰ ব্যাপকভাৱে নিৰ্মাণ কৰি আহিছে। তেওঁ কয় যে এই প্ৰকল্পই উত্তৰাখণ্ডৰ উন্নয়ন ত্বৰান্বিত কৰাই নহয় উত্তৰ প্ৰদেশৰ বহু চহৰৰ বাবেও উপকাৰী বুলি প্ৰমাণিত হ’ব।
ডেৰাডুনত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰাখণ্ডে নিজৰ অস্তিত্বৰ ২৫ বছৰ সম্পূৰ্ণ কৰি ২৬ বছৰত ভৰি দিছে, আৰু এই উপলক্ষে দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱেৰ উদ্বোধন ৰাজ্যখনৰ অগ্ৰগতিৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি। এই দশক উত্তৰাখণ্ডৰ দশক হ'ব বুলি তেওঁ পূৰ্বৰ বক্তব্য পুনৰবাৰ উল্লেখ কৰে, আৰু ডাবল ইঞ্জিন চৰকাৰৰ নীতি আৰু ৰাজ্যবাসীৰ কঠোৰ পৰিশ্ৰমৰ বাবেই এইটো সম্ভৱ হৈ উঠিছে।
তেওঁ কয় যে এই অৰ্থনৈতিক কৰিড’ৰ উত্তৰ প্ৰদেশৰ গাজিয়াবাদ, বাঘপাট, বৰাউত, শ্বামলি আৰু চাহাৰনপুৰ আদি চহৰৰ মাজেৰে পাৰ হৈ যায়, যিয়ে এই অঞ্চলসমূহকো উল্লেখযোগ্য সুবিধা প্ৰদান কৰিব। পৰ্যটনৰ দৃষ্টিকোণৰ পৰা ইয়াক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ দ্বাৰা ডেৰাডুন, হৰিদ্বাৰ, ঋষিকেশ, মুছুৰী, আৰু চাৰিধাম যাত্ৰাক নতুন গতি প্ৰদান কৰা হ’ব।
আন্তঃগাঁথনিক দেশৰ ভৱিষ্যতৰ সৈতে সংযোগ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মানুহে যেনেকৈ নিজৰ হাতৰ তলুৱাৰ ৰেখাৰে ভৱিষ্যতক দেখে, ঠিক তেনেদৰে এখন দেশৰ ভাগ্য নিহিত হৈ থাকে তাৰ পথ, ঘাইপথ, ৰেলপথ, বিমানপথ, জলপথত। তেওঁ কয় যে এইবোৰ কেৱল বৰ্তমানৰ সুবিধা নহয় বৰঞ্চ ভৱিষ্যত প্ৰজন্মৰ বাবে সমৃদ্ধিৰ নিশ্চয়তা প্ৰদান কৰে।
তেওঁ আঙুলিয়াই দিয়ে যে ২০১৪ চনলৈকে দেশৰ আন্তঃগাঁথনিৰ ওপৰত বাৰ্ষিক ব্যয় ২ লাখ কোটিতকৈও কম আছিল, যিটো এতিয়া ১২ লাখ কোটিৰ ওপৰলৈ বৃদ্ধি পাইছে। কেৱল উত্তৰাখণ্ডত ₹২.২৫ লাখ কোটিতকৈ অধিক মূল্যৰ প্ৰকল্পৰ কাম চলি আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বতে গাঁওসমূহে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ৰাস্তাৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছিল যদিও এতিয়া প্ৰতিখন গাঁৱতে ৰাস্তা-ঘাট পোৱা গৈছে, আৰু প্ৰব্ৰজনৰ ফলত বিধ্বস্ত গাঁওসমূহ পুনৰ জনবসতি কৰা হৈছে।
দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিডৰৰ সুবিধাসমূহৰ তালিকা প্ৰস্তুত কৰি তেওঁ কয় যে ইয়াৰ দ্বাৰা যাত্ৰাৰ সময় ছয় ঘণ্টাৰ পৰা প্ৰায় ডেৰ-দুঘণ্টালৈ হ্ৰাস পাব। ইয়াৰ ফলত সময় ৰাহি হোৱাই নহয় ইন্ধনৰ ব্যৱহাৰ আৰু পৰিবহণৰ খৰচো হ্ৰাস পাব। প্ৰায় ১২,০০০ কোটি টকা ব্যয়ৰে নিৰ্মিত এই প্ৰকল্পটোৱে হাজাৰ হাজাৰ লোকক কৰ্মসংস্থাপন প্ৰদান কৰিছে আৰু ইয়াৰ জৰিয়তে কৃষকৰ উৎপাদিত সামগ্ৰী দ্ৰুতগতিত বজাৰত উপনীত হ’ব পাৰিব।
প্ৰধানমন্ত্ৰীয়ে পৰিৱেশ সুৰক্ষাৰ ওপৰতো গুৰুত্ব আৰোপ কৰি কয় যে দেৱভূমিৰ পবিত্ৰতা বজাই ৰখাটো সকলোৰে দায়িত্ব। তেওঁ পৰ্যটক আৰু ভক্তসকলক প্ৰাকৃতিক স্থানসমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ আৰু এই অঞ্চলসমূহ প্লাষ্টিক আৰু জাবৰেৰে প্ৰদূষিত নকৰিবলৈ আহ্বান জনায়।
তেওঁ কয় যে অহা বছৰ হৰিদ্বাৰত কুম্ভ মেলা অনুষ্ঠিত হ’ব, আৰু সকলোৱে মিলি ইয়াক ঐশ্বৰিক, ভৱিষ্যৎ, আৰু পৰিষ্কাৰ কৰি তুলিব লাগিব।
এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ড০ আম্বেদকাৰৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে তেওঁৰ চৰকাৰে সংবিধানৰ মনোভাৱ শক্তিশালী কৰাৰ বাবে অহৰহ কাম কৰি আছে। তেওঁ কয় যে ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত সমগ্ৰ দেশতে একক সংবিধান ৰূপায়ণ কৰা হৈছে, আৰু এতিয়া শান্তি আৰু উন্নয়নৰ পথ প্ৰশস্ত হৈছে, আনকি বহু নক্সাল প্ৰভাৱিত অঞ্চলতো।
ভাষণত প্ৰধানমন্ত্ৰীয়ে বিশেষভাৱে নাৰী শক্তি বন্দন আইনখনৰ কথা উল্লেখ কৰি সকলো ৰাজনৈতিক দলকে আইনখনৰ সংশোধনীক সমৰ্থন কৰিবলৈ পুনৰ আহ্বান জনায়। চাৰি দশকৰ অপেক্ষাৰ অন্তত সংসদে নাৰী শক্তি বন্দন আইন গৃহীত কৰে বুলিও তেওঁ কয়। ইয়াৰ দ্বাৰা লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ নিশ্চিত কৰা হয়। সকলো পক্ষই আগবাঢ়ি আহি এই গুৰুত্বপূৰ্ণ আইনখনক সমৰ্থন কৰিলে। নাৰীয়ে লাভ কৰা এই অধিকাৰ কাৰ্যকৰী কৰাত পলম হ’ব নালাগে। ইয়াক এতিয়াই কাৰ্যকৰী কৰা উচিত। ২০২৯ চনত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব, আৰু তাৰ পিছত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ২০২৯ চনৰ আগতে ইয়াক কাৰ্যকৰী কৰা উচিত। এয়া দেশৰ আৱেগ। এয়াই নাৰী ক্ষমতাৰ আকাংক্ষা। এয়া কেৱল নাৰী সৱলীকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ নহয় বৰঞ্চ দেশৰ সামগ্ৰিক উন্নয়নৰ বাবেও অপৰিহাৰ্য।
তেওঁ উত্তৰাখণ্ডৰ একাকাৰী নাগৰিক সংহিতাৰ দিশত কৰা প্ৰচেষ্টাক প্ৰশংসা কৰি ইয়াক সাংবিধানিক প্ৰয়োজনীয়তা বুলি অভিহিত কৰে। তেওঁ নাৰী শক্তি বন্দন আইনৰ কথাও উল্লেখ কৰি ইয়াৰ ফলপ্ৰসূ ৰূপায়ণৰ ক্ষেত্ৰত সকলো ৰাজনৈতিক দলক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় যাতে মহিলাসকলে নিজৰ অধিকাৰ ভোগ কৰিব পাৰে।
প্ৰধানমন্ত্ৰীয়ে বৈশাখী, ব’হাগ বিহু, আৰু পুথাণ্ডু আদি উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আগন্তুক চাৰি ধাম যাত্ৰা সফল হোৱাৰ কামনা কৰে।
মন কৰিবলগীয়া যে প্ৰায় ২১৩ কিলোমিটাৰ দীঘল এই ছয় লেনযুক্ত প্ৰৱেশ নিয়ন্ত্ৰিত কৰিড’ৰটোত ১০টা ইন্টাৰচেঞ্জ, তিনিটা ৰে’লৱে অভাৰব্ৰিজ, চাৰিখন ডাঙৰ দলং, আৰু ১২খন পথৰ কাষৰ সুবিধা আছে। এই প্ৰকল্পত উন্নত যাতায়ত ব্যৱস্থাপনা ব্যৱস্থাও অন্তৰ্ভুক্ত কৰা হৈছে। বন্যপ্ৰাণী সংৰক্ষণৰ বাবে ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা উচ্চ কৰিড’ৰ, আঠটা জীৱ-জন্তুৰ পথ, আৰু এটা বিশেষ হাতী আণ্ডাৰপাছ নিৰ্মাণ কৰা হৈছে। দাত কালী মন্দিৰৰ সমীপত ৩৭০ মিটাৰ দৈৰ্ঘ্যৰ সুৰংগ এটাও এই প্ৰকল্পৰ অংশ। এইদৰে দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিডৰে আঞ্চলিক সংযোগ শক্তিশালী কৰাই নহয়, পৰ্যটন, বাণিজ্য, নিয়োগ আৰু পৰিৱেশ সুৰক্ষাৰ মাজত ভাৰসাম্য ৰক্ষা কৰি সামগ্ৰিক উন্নয়নৰ পথো মুকলি কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া