
কাঠমাণ্ডু, ১৪ এপ্ৰিল (হি.স.)। নেপালৰ বৈদেশিক মন্ত্ৰী শিশিৰ খানালে স্পষ্ট কৰি দিছে যে নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ ভাৰত ভ্ৰমণৰ তাৰিখ দুয়োখন দেশৰ মাজত এজেণ্ডা চূড়ান্ত হোৱাৰ পিছত সিদ্ধান্ত লোৱা হ’ব।
মৰিচাছত অনুষ্ঠিত ভাৰত মহাসাগৰ সন্মিলনত অংশগ্ৰহণ কৰি আজি প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহ নেপালত উপস্থিত হোৱাৰ লগে লগে বৈদেশিক মন্ত্ৰীগৰাকীয়ে তেওঁৰ সৈতে সাক্ষাৎ কৰে। তেওঁ মৰিচাছত ভাৰতৰ বৈদেশিক মন্ত্ৰীকে ধৰি বিভিন্ন দেশৰ বৈদেশিক মন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ বিষয়ে অৱগত কৰে। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বৈদেশিক মন্ত্ৰী খানালে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পৰা আমন্ত্ৰণ পোৱা বুলি উল্লেখ কৰে যদিও ভ্ৰমণৰ তাৰিখ এতিয়াও চূড়ান্ত হোৱা নাই।
তেওঁ উল্লেখ কৰে যে এই বিষয়টো শেহতীয়াকৈ ভাৰতৰ বৈদেশিক মন্ত্ৰীৰ সৈতে হোৱা বাৰ্তালাপৰ সময়তো আলোচনা কৰা হৈছিল। নেপালৰ নতুন চৰকাৰে নিজৰ অগ্ৰাধিকাৰ চূড়ান্ত কৰাৰ লগতে দুয়োখন দেশৰ সংশ্লিষ্ট মন্ত্ৰালয়ৰ মাজত কাৰিকৰী ব্যৱস্থাৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত এই উচ্চ পৰ্যায়ৰ ৰাজনৈতিক ভ্ৰমণ অনুষ্ঠিত হ’ব। খানালে বুজাই দিলে যে নেপাল আৰু ভাৰতৰ মাজত ৪০টাতকৈও অধিক ব্যৱস্থা আছে, ইয়াৰে কিছুমান নিষ্ক্ৰিয়। তেওঁ আৰু কয় যে কিছুমান ব্যৱস্থা সক্ৰিয় কৰাটো প্ৰয়োজন।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া