ফকিৰাগ্ৰামৰ ৰাভাপাড়াত নৱ নিৰ্মিত চড়ক মন্দিৰৰ শুভ উদ্বোধন
ফকিৰাগ্ৰামৰ ৰাভাপাড়াত নৱ নিৰ্মিত চড়ক মন্দিৰৰ শুভ উদ্বোধন ।
ফকিৰাগ্ৰামৰ ৰাভাপাড়াত নৱ নিৰ্মিত চড়ক মন্দিৰৰ শুভ উদ্বোধন


কোকৰাঝাৰ, ১৪ এপ্ৰিল (হি.স.): কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰক্ষী চকীৰ অন্তৰ্গত ৰাভাপাড়াত অৱস্থিত ঐতিহ্যবাহী চড়ক মন্দিৰটোৰ নৱ নিৰ্মিত চড়ক মন্দিৰৰ যোৱা কালি সোমবাৰে নিশা এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত শুভ উদ্বোধন কৰা হয়। ১৯৫৩ চনত প্ৰতিষ্ঠা লাভ কৰা এই মন্দিৰটো স্থানীয় লোকসকলৰ আধ্যাত্মিক আস্থা আৰু সাংস্কৃতিক পৰম্পৰাৰ এক গুৰুত্বপূর্ণ কেন্দ্ৰ হিচাপে সুদীৰ্ঘ সময় ধৰি পৰিচিত হৈ আহিছে।

নৱ নিৰ্মিত মন্দিৰটোৰ শুভ উদ্বোধন কৰে প্ৰাণ কৃষ্ণ ৰায় আৰু পূৰ্ণ চৰকাৰৰ দৰে বিশিষ্ট ব্যক্তিসকলে। উদ্বোধনী অনুষ্ঠানত ৰাভাপাড়াৰ গাঁও বুঢ়া, অঞ্চলটোৰ স্থানীয় বুধিজীৱী তথা বহু সংখ্যক ভক্তবৃন্দ উপস্থিত থাকে। ফিতা কাটি আৰু বিধিগত ধৰ্মীয় আচাৰ-অনুষ্ঠান সম্পন্ন কৰি মন্দিৰখন জনসাধাৰণৰ বাবে মুকলি কৰা হয়।

উল্লেখযোগ্য যে, পুৰণি মন্দিৰটোৰ জীৰ্ণ অৱস্থাৰ বাবে স্থানীয় ৰাইজে নতুনকৈ মন্দিৰ নিৰ্মাণৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। তাৰ ফলত সমাজৰ সকলো শ্ৰেণীৰ লোক একত্ৰিত হৈ এই নৱ নিৰ্মাণ কাৰ্য সফলভাৱে সম্পূৰ্ণ কৰে।

উদ্বোধনী অনুষ্ঠানৰ পিছত ভক্তসকলৰ মাজত প্ৰসাদ বিতৰণ কৰা হয় আৰু অঞ্চলটোৰ শান্তি, সমৃদ্ধি আৰু সামাজিক ঐক্যৰ কামনা কৰি বিশেষ প্ৰাৰ্থনা অনুষ্ঠিত হয়। স্থানীয় ৰাইজে আশা প্ৰকাশ কৰিছে যে, এই নৱ নিৰ্মিত মন্দিৰখনে অঞ্চলটোৰ ধৰ্মীয় তথা সামাজিক জীৱনত এক নতুন প্ৰেৰণা আৰু উদ্দীপনা যোগাব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande