ৰাষ্ট্ৰপতি, লোকসভাৰ অধ্যক্ষ আৰু গৃহমন্ত্ৰীৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন
নতুন দিল্লী, ১৪ এপ্ৰিল (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে দেশবাসীক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে । ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, বৈশাখী, বিষু, বিষুৱ, ব''হাগ বিহু, পইলা বৈশাখ, মেছাদী, বৈশাখাদী,
प्रतीकात्मक चित्र


নতুন দিল্লী, ১৪ এপ্ৰিল (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে দেশবাসীক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে ।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, বৈশাখী, বিষু, বিষুৱ, ব'হাগ বিহু, পইলা বৈশাখ, মেছাদী, বৈশাখাদী, আৰু পুথাণ্ডুৰ শুভ অনুষ্ঠানত ভাৰত আৰু বিদেশৰ সকলো সহ নাগৰিকলৈ মোৰ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো।

ওম বিৰলাই কয় যে বৈশাখী, ব’হাগ বিহু, মেছাদী পুথাণ্ডু (তামিল নৱবৰ্ষ), বিষু (কেৰালা নৱবৰ্ষ), পানা সংক্ৰান্তি (ওদিয়া নৱবৰ্ষ), আৰু চেইৰাওবা উৎসৱসমূহে ‘এক ভাৰত - শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱ প্ৰতিফলিত কৰে আৰু আমাৰ চহকী বৈচিত্ৰ্যত ঐক্যৰ বান্ধোন শক্তিশালী কৰে। এই আনন্দময় অনুষ্ঠানবোৰে প্ৰতিখন ঘৰতে শান্তি, সমৃদ্ধি, নতুন আশা কঢ়িয়াই আনক।

অমিত শ্বাহে কয়, ভগৱান জগন্নাথৰ আশীৰ্বাদে আপোনালোক সকলোকে সুখ আৰু সুস্বাস্থ্যৰ আশীৰ্বাদ কৰক। এই আনন্দময় নৱবৰ্ষ উদযাপনে সংস্কৃতিৰ সৈতে আমাৰ বন্ধন গভীৰ কৰক, সামাজিক ঐক্য শক্তিশালী কৰক, আৰু সকলোৰে বাবে সুখ, সমৃদ্ধি, আনন্দ কঢ়িয়াই আনক।

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে এই শুভ অনুষ্ঠানটোৱে আপোনালোকৰ জীৱনৰ প্ৰতিটো দিশতে নতুন শক্তি, উন্নয়ন, আৰু স্থায়ী সুখ কঢ়িয়াই আনক।

লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে কয় যে এই উৎসৱে আপোনালোকৰ জীৱনলৈ প্ৰচুৰ আনন্দ আৰু সমৃদ্ধি কঢ়িয়াই আনক।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নড্ডাই কয় যে এই পবিত্ৰ উৎসৱে সকলোৰে জীৱনলৈ সুখ, সমৃদ্ধি আৰু মংগল কঢ়িয়াই আনিব লাগে। পুথাণ্ডু উপলক্ষে মোৰ সকলো তামিল ভগ্নী ভাইলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আগন্তুক বছৰটোৱে আপোনালোক সকলোকে শান্তি, প্ৰগতি, আৰু সৌভাগ্য কঢ়িয়াই আনক। পৰিয়ালৰ সৈতে আনন্দময় উৎসৱ উদযাপন কৰক, আৰু আগন্তুক বছৰটো সুখেৰে ভৰি হওক।

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে কয় যে দেশৰ বিভিন্ন প্ৰান্তত নৱবৰ্ষৰ আগমনৰ উপলক্ষে এই উৎসৱসমূহে নতুন আশা, ইতিবাচকতা, আৰু নতুন আৰম্ভণিৰ অনুভূতি কঢ়িয়াই আনে। এই উৎসৱবোৰে প্ৰতিখন ঘৰতে সুখ, সমৃদ্ধিৰে ভৰাই তোলক, সকলোৰে মাজত ঐক্য আৰু সম্প্ৰীতিৰ বান্ধোন সুদৃঢ় কৰক।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande