
যোৰহাট, ১৪ এপ্ৰিল (হি.স.)। যোৰহাটৰ মনাইমাজিত অষ্টাদশ সংখ্যক সমূহীয়া গৰু বিহু পালন। আজি চ'ত মাহৰ সংক্ৰান্তি। আজিৰ দিনটোত সমগ্ৰ অসমত পালন কৰিছে গৰু বিহু। সমান্তৰালকৈ যোৰহাটৰ ভোগদৈ নৈত মনাইমাজি বাসী ৰাইজে উলহ মালহেৰে উদযাপন কৰিলে সমূহীয়া গৰু বিহু।
পুৱাই সমূহীয়াভাৱে গৰু চাত তৈয়াৰ কৰি ,মাহ হালধী খুন্দি গো ধন সমূহ নোৱাই ধোৱাই ভোগদৈ নৈত সমূহীয়াকৈ গা ধোৱাই। যাতে বছৰটোলৈ সুস্থ হৈ নিৰোগী হৈ থাকে গো ধন সমূহ। আনহাতে গাঁৱৰ সকলো লোক ওলাই আহি বিহু নছা পৰিলক্ষিত হয়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু