
বঙাইগাও, ১৪ এপ্ৰিল (হি.স.)। চাওঁতে চাওঁতে আহি পালেহি অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটো । আজি গৰু বিহু। ৰাজ্যজুৰি বিভিন্ন প্ৰান্তৰ লগতে যোগীঘোপাতো পালন কৰা হৈছে গৰু বিহু। যোগীঘোপাৰ কুমাৰকাটাত গৰু বিহুৰ দিনাই নৈত পৰম্পৰাগত ভাৱে গৰুক গা নুৱালে ধুৱাই লাওঁ- বেগেনাৰে মালা পিন্ধাই বছৰটোৰ সুস্থ-সবল হৈ থকাৰ বাবে প্ৰাৰ্থনা জনায় গঞাঁ ৰাইজে ।
গৰুক গা ধুৱোৰ পিছতে নৈৰ পাৰত স্থানীয় ৰাইজে বিহুজুৰি নাচি বাগী আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা