
শোণিতপুৰ, ১৪ এপ্ৰিল (হি.স.)। ভৰলীপৰীয়া কণ্যকা বহুমুখী পামত ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি গৰু বিহু পালন৷ গো-ধনক নোৱাই ধোৱাই পশুধনৰ শ্ৰীবৃদ্ধি কামনা কৰিলে পদ্ম হাজৰিকাই ৷ জামুগুৰিহাটৰ ভৰলী পৰীয়া কন্যকা বহুমুখী পামত পূৱাই পৰম্পৰা ৰক্ষা কৰি উলহ মালহেৰে উদযাপন কৰা হয় গৰু বিহু ৷
এই উপলক্ষে পুৱাই সপৰিয়ালে কন্যকাৰ পৰিচালন সঞ্চালক পদ্ম হাজৰিকাই কন্যকাৰ সৈতে জড়িত পৰিয়ালক লগত লৈ মাংগলিক ৰীতি নীতিৰ মাজেৰে কণ্যকাৰ গো-শালাত থকা সহস্ৰাধিক গৰুক মাহ হালধিৰে নোৱাই ধোৱাই তথা ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি গৰু বিহু উদযাপন কৰে ৷ পদ্ম হাজৰিকাই সমগ্ৰ অসমবাসীক বিহুৰ শুভেচ্ছাও জ্ঞাপন কৰে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা