আই পি এল ২০২৬: অভিষেককাৰী হিংগ আৰু ছাকিবৰ বিধ্বংসী ৰূপ ধাৰণ, হায়দৰাবাদে ভংগ কৰিলে ৰাজস্থানৰ জয়ৰ ধাৰা
হায়দৰাবাদ, ১৪ এপ্ৰিল (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ত ছানৰাইজাৰ্ছ হায়দৰাবাদে (এছ আৰ এইচ) এক সুন্দৰ প্ৰদৰ্শন আগবঢ়াই ৰাজস্থান ৰয়েলছ (আৰ আৰ)ক ৫৭ ৰানত পৰাস্ত কৰি জয়ৰ ধাৰাবাহিকতাৰ অন্ত পেলায়। অভিষেক বলাৰ প্ৰফুল্ল হিংগে আৰু ছাকিব হুছেইনে একে
आईपीएल 2026: डेब्यूटेंट हिंगे और साकिब का कहर, हैदराबाद ने राजस्थान की जीत की लय तोड़ी


হায়দৰাবাদ, ১৪ এপ্ৰিল (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ত ছানৰাইজাৰ্ছ হায়দৰাবাদে (এছ আৰ এইচ) এক সুন্দৰ প্ৰদৰ্শন আগবঢ়াই ৰাজস্থান ৰয়েলছ (আৰ আৰ)ক ৫৭ ৰানত পৰাস্ত কৰি জয়ৰ ধাৰাবাহিকতাৰ অন্ত পেলায়। অভিষেক বলাৰ প্ৰফুল্ল হিংগে আৰু ছাকিব হুছেইনে একেলগে ৮টা উইকেট দখল কৰি নায়ক হিচাপে পৰিগণিত হয়।

ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত খেলা খেলখনত প্ৰথম বেটিং কৰি এছ আৰ এইচে ২০ অভাৰত ২১৬/৬ ৰান সংগ্ৰহ কৰে। ঈশান কিষানে ৯১ ৰানৰ উজ্জ্বল ইনিংছ খেলাৰ বিপৰীতে হাইনৰিচ ক্লাচেনে ৪০ ৰানৰ বৰঙণি আগবঢ়ায়।

লক্ষ্য অনুসৰণ কৰি ৰাজস্থানে দুৰ্বল আৰম্ভণি ক ৰে। প্ৰফুল্ল হিংগে ইনিংছৰ প্ৰথম অভাৰতে তিনিটা উইকেট দখল কৰি ইতিহাস ৰচনা কৰে। বৈভৱ সূৰ্য্যবংশী, ধ্ৰুৱ জুৰেল আৰু লুয়ান-ড্ৰে প্ৰিটৰিয়াছক আউট কৰি ৰাজস্থান ৰয়েলছৰ মেৰুদণ্ড ভাঙি পেলায়।

ইয়াৰ পিছতে অধিনায়ক ৰিয়ান পৰাগো হিংগৰ হাতত পৰে। ইফালে ছাকিব হুছেইনেও যশস্বী জয়ছোৱালকে ধৰি চাৰিটা উইকেট দখল কৰি সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়।

এটা সময়ত ৰাজস্থান ৯/৫ লৈ হ্ৰাস পালে। অৱশ্যে ড’নভান ফেৰেইৰা (৬৯) আৰু ৰবীন্দ্ৰ জাডেজাই (৪৫) ১১৮ ৰানৰ অংশীদাৰিত্বৰে দলটোক পুনৰ সজীৱ কৰিবলৈ চেষ্টা কৰিছিল যদিও এই প্ৰচেষ্টা জয়ৰ বাবে অপৰ্যাপ্ত বুলি প্ৰমাণিত হয়।

শেষত ৰাজস্থানে ১৯ অভাৰত ১৫৯ ৰান সংগ্ৰহ কৰি অল আউট হয়। এছ আৰ এইচৰ বাবে হিংগে ৪/৩৪ আৰু ছাকিবে ৪/২৪ লয়।

এই জয়ৰ জৰিয়তে এছ আৰ এইচে পাঁচখন মেচত দ্বিতীয়টো জয় নিশ্চিত কৰি পইণ্ট তালিকাৰ চতুৰ্থ স্থানলৈ জঁপিয়াই পৰে, আনহাতে আৰ আৰৰ জয়ৰ ধাৰা শেষ হয়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande