
গোলাঘাট, ১৪ এপ্ৰিল (হি.স.): গোলাঘাট জিলাৰ মেৰাপানীৰ ইছলামপুৰ গাঁৱত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। মানৱ সৰবৰাহ সন্দেহত ৰাইজে যোৱা কালি সোমবাৰে সন্ধিয়া আটক কৰে এগৰাকী মহিলাৰ লগতে এজন ব্যক্তিক।
জানিব পৰা মতে মেৰাপানী ইছলামপুৰ গাঁৱৰ এজন লোকৰ ঘৰত বিগত কেইদিনমানৰ পৰা বাহৰ পাতি আছিল আলটাব আলি আৰু এগৰাকী মহিলাই ৷ পৰৱৰ্তী সময়ত ৰাইজে মহিলা আৰু ব্যক্তি জনৰ ওপৰত সন্দেহ উপজাত সোধা পোছা কৰাত গম পাই যে গাঁৱৰ এগৰাকী যুৱতীক কাম দিয়াৰ নামত মুম্বাই লৈ নিবলৈ আহিছে। সমগ্ৰ ঘটনা গাওঁৰক্ষী বাহিনীক অবগত কৰাত গাওঁৰক্ষী বাহিনীয়ে আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ এগৰাকী মহিলা আৰু এজন ব্যক্তিক আটক কৰে।
স্থানীয় লোকে অভিযোগ কৰা অনুসৰি আলটাব আলিয়ে বিভিন্ন প্ৰলোভনেৰে যুৱতীসকলক অসমৰ বাহিৰলৈ সৰবৰাহ কৰি আহিছে ৷ মেৰাপানী আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ