
ডিব্ৰুগড়, ১৪ এপ্ৰিল (হি.স.)। আজি গৰু বিহু। টিংখাঙত পৰম্পৰাগত ভাৱে গৰু বিহু উদযাপন । কমাৰচুক গাঁৱত সমূহীয়াকৈ গৰুক গা ধোৱাই পালন কৰিলে গৰু বিহু ।
বাপতিসাহোন ৰঙালী বিহুক লৈ গাত তৰণি নাই প্ৰতিজন অসমীয়াৰ। টিংখাং ৰাজগড়ৰ কমাৰচুক গাঁৱত সমূহীয়াকৈ গৰু বিহু উদযাপন । সমূহীয়াকৈ পৰম্পৰাগত ভাৱে গৰুক গা ধুৱাই আনন্দ উল্লাসত মতলীয়া হৈ পৰে গাঁওবাসী । টিংখাঙৰ কমাৰচুক গাঁৱত কমাৰচুক নৱজ্যোতি যুৱক সংঘৰ উদ্যোগত সমূহীয়াকৈ গৰুক গা ধুওৱাৰ পিছতে ৰচী টনা আৰু কণী যুঁজ প্ৰতিযোগিতাত অনুষ্ঠিত কৰে।
উল্লেখযোগ্য যে কমাৰচুক গাঁৱৰ লগতে স্থানীয় কেইবা খনো গাঁৱৰ ৰাইজ একত্ৰিত হৈ প্ৰতি বছৰে গোধনক মাহ-হালধিৰে নোৱাই-ধোৱাই এনেদৰে গৰু বিহুৰ পৰম্পৰা ৰক্ষা কৰি আহিছে। এইবাৰো এনেদৰেই পুৱাই গাঁৱৰ ল'ৰা-ডেকা-বুঢ়া সকলো ওলাই আহি গৰুবিহু পালন কৰা পৰিলক্ষিত হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা