ডিব্ৰুগড় মাইজান ঘাটত গৰু বিহু পালন
আজি গৰু বিহু।
ডিব্ৰুগড় মাইজান ঘাটত গৰু বিহু পালন


ডিব্ৰুগড়, ১৪ এপ্ৰিল (হি.স.): ৰঙালী বিহুৰ আজি প্ৰথম দিনা গৰু বিহু পালন কৰা হয়। ৰাজ্যজুৰি অসমীয়া ৰাইজে আজি পালন কৰিছে গৰু বিহু। সমগ্ৰ ৰাজ্যৰ লগতে গো- ধনৰ শ্ৰী বৃদ্ধিৰ কামনাৰে মাহ- হালধীৰে গৰুক নোৱাই ধোৱাই ডিব্ৰুগড় মাইজান ঘাটত পালন কৰিলে ডিব্ৰুগড় যুৱ সমাজৰ লগতে মাইজান বাসি ৰাইজেও গৰু বিহু।

লাউ, বেঙেনা, কেৰালা আদি সাজু কৰি আনিছে গৰু বিহুৰ বাবে স্থানীয় ৰাইজে। প্ৰতিবছৰেই ডিব্ৰুগড় মাইজানত স্থানীয় ৰাইজে একত্ৰিত হৈ পালন কৰি আহিছে গৰু বিহু। গৰু বিহুৰ দিনটোত মাইজান ঘাটত স্থানীয় ৰাইজে মহাবাহু ব্ৰহ্মপুত্ৰ পাৰত বিহু গাই আনন্দত বিভোৰ হৈ পৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande