তামুলপুৰৰ নিজ বৰশিৰালত পাগলাদিয়া নৈৰ বুকুত সমূহীয়াভাৱে পালন গৰু বিহু
দীঘলতি, মাখিয়তী লৈ গৰু গা ধুৱাবলৈ ওলাই আহিল সকলো।
তামুলপুৰৰ নিজ বৰশিৰালত পাগলাদিয়া নৈৰ বুকুত সমূহীয়াভাৱে পালন গৰু বিহু


তামুলপুৰ, ১৪ এপ্ৰিল (হি.স.): ৰাজ্য জুৰি ৰঙালী বিহুৰ উছাহৰ মাজতে আজি প্ৰথম দিনা গৰু বিহু পালন কৰা হৈছে। পুৱাই দীঘলতি, মাখিয়তী লৈ পশুধন সমূহক গা ধুৱাবলৈ ওলাই আহিল সকলো।

অসমীয়া সংস্কৃতিৰ অন্য এটি গুৰুত্বপূৰ্ণ উৎসৱ হৈছে ব'হাগ বিহু। ব'হাগ বুলিলেই সকলোৰে মন আনন্দ উলাহেৰে ভৰি পৰে। চ'ত মাহৰ পৰাই ব'হাগ বিহুলৈ প্ৰস্তুতি চলাই প্ৰতিজন অসমীয়াই। বাপতি সাহোন ব'হাগৰ বিহুটি সকলোৰে আপোন। সকলোৰে ঘৰখনত পিঠা পনাৰে ভৰি পৰে ব'হাগৰ বিহুটিত। ব'হাগৰ উৰুকাৰ দিনটোত সকলোৱে মিলা-প্ৰীতিৰে বজাৰ কৰি এসাঁজ খায়। তাৰ পাছতেই গৰু বিহু উদযাপন কৰে। অসমৰ প্ৰতিটো প্ৰান্ততে গৃহস্থই ঘৰত প্ৰতিপালন কৰা গৰুবোৰক গা ধোৱায়। আজি গৰু বিহুৰ দিনটোত অসমৰ সকলো প্ৰান্তত একেই পৰিৱেশে বিৰাজ কৰিছে। ব্যতিক্ৰম নহয় তামুলপুৰো, ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে তামুলপুৰৰ নিজ বৰশিৰাল অঞ্চলটোৰ গাঁৱৰ চহা কৃষকে পুৱা পাগলাদিয়া নৈৰ বুকুত সমূহীয়াভাৱে পালন কৰে গৰু বিহু, পৰম্পৰাগতভাৱে গো-ধনক নোৱাই-ধোৱাই শ্ৰীবৃদ্ধি কামনা কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande