মৰাণৰ সমীপৰ পুৰণি বলাই গাঁৱত গৰু বিহুৰ পৰম্পৰা পালন
মৰাণৰ সমীপৰ পুৰনি বলাই গাঁৱত গৰু বিহুৰ পৰম্পৰা।
মৰাণৰ সমীপৰ পুৰণি বলাই গাঁৱত গৰু বিহুৰ পৰম্পৰা পালন


ডিব্ৰুগড়, ১৪ এপ্ৰিল (হি.স.): ৰাজ্যত ৰঙালী বিহুৰ উথপথপ পৰিৱেশত আজি আজি গৰু বিহু পালন কৰা হৈছে। ৰাজ্যজুৰি গৰু বিহুৰ উখল-মাখল পৰিবেশ বিৰাজ কৰিছে। মৰাণৰ সমীপৰ পুৰনি বলাই গাঁৱত পৰম্পৰা অনুসৰি গৰু গা ধোৱাই গৰু শ্ৰীবৃদ্ধি কামনা কৰিছে গাঁওবাসীয়ে ।

গৰু গা ধোৱাই গাঁওবাসীয়ে উচ্চাৰন কৰিছে -লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা৷ মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু ৷’ সন্ধিয়ালৈ গৰু-মহ-ছাগলীক মৰাপাটৰ নতুন পঘাৰে বিহুৱান দিয়াৰ নিয়ম।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande