তিনিচুকীয়াত ভয়ংকৰ অগ্নিকাণ্ড
তিনিচুকীয়াত ভয়ংকৰ অগ্নিকাণ্ড।
তিনিচুকীয়াত ভয়ংকৰ অগ্নিকাণ্ড


তিনিচুকীয়া, ১৪ এপ্ৰিল (হি.স.): তিনিচুকীয়াত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। গৰু বিহুৰ দিনাৰ পুৱতি নিশা প্ৰায় ৩মান বজাত সংঘটিত হৈছে এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাটো।

তিনিচুকীয়াৰ থানা চাৰিআলিৰ সমীপতে সংঘটিত হৈছে এই অগ্নিকাণ্ড। নিমিষতে জাহ গল কেইবাখনো দোকানৰ লগতে বহু লক্ষাধিক টকাৰ সা-সম্পত্তি ।কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে অগ্নি নিৰ্বাপন কৰিবলৈ চেষ্টা কৰিছে যদিও বৰ্তমান সময়ৰলৈকে অগ্নিনিৰ্বাপন হোৱা নাই আৰু বৰ্তমানেও জুই নিৰ্বাপনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে অগ্নিনিৰ্বাপক বাহিনীয়ে ।জুইৰ সূত্ৰপাত কেনেকৈ সংঘটিত হৈছিল সেয়া বৰ্তমান সময়ৰ লৈকে জানিব পৰা নাই ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande