শ্ৰীভূমিৰ ৰামকৃষ্ণনগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দুল্লভছড়াত ভয়ংকৰ অগ্নিকাণ্ড
শ্ৰীভূমিৰ ৰামকৃষ্ণনগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দুল্লভছড়াত ভয়ংকৰ অগ্নিকাণ্ড।
শ্ৰীভূমিৰ ৰামকৃষ্ণনগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দুল্লভছড়াত ভয়ংকৰ অগ্নিকাণ্ড


হাইলাকান্দি, ১৪ এপ্ৰিল (হি.স.): শ্ৰীভূমিৰ ৰামকৃষ্ণনগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দুল্লভছড়াত যোৱা কালি সোমবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। নতুন বিজেপি কাৰ্যালয়ৰ সৈতে লাগি থকা জয় চৌধুৰী নামৰ লোকজনৰ বাসগৃহ সম্পূৰ্ণভাৱে ভস্মীভূত হয় । অগ্নিকাণ্ডৰ কাৰণ এতিয়াও স্পষ্ট নহয়।

স্থানীয় লোকৰ সন্দেহ, বিদ্যুতৰ চর্ট চাৰ্কিট বা আন কোনো কাৰণত জুই লাগিব পাৰে জুই লগাৰ লগে লগে স্থানীয় লোকসকল ঘটনাস্থলীত সমবেত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা কৰে।অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয়, তেওঁলোক ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা চলায়। ঘটনাৰ সময়ত জয় চৌধুৰী পৰিয়ালসহ চিকিৎসাৰ বাবে শিলচৰলৈ গৈ থকা বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে এখন গাড়ী সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande