
বৰপেটা ১৪ এপ্ৰিল (হি.স.): বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত বান্দালি গাওঁত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত জাহ যায় তিনিতাকৈ বাসগৃহ লগতে সা সম্পত্তি।
বান্দালি গাঁৱৰ বানিছ খানৰ বাসগৃহত যোৱা কালি সোমবাৰে বিয়লি সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা । পিছত বানিছ খানৰ ভাতৃ সুকুৰ খান আৰু এবাদত খানৰ বাসগৃহত অগ্নিকাণ্ড সংঘটিত হয়।
অগ্নিকাণ্ডৰ ফলত প্ৰায় ১২ লাখ টকাৰ সা সম্পত্তিৰ লগতে জুইত জাহ যায় গুৰুত্বপূৰ্ণ নথি পত্ৰ। জানিব পৰা মতে বিদ্যুৎ চৰ্ট চাৰ্কিতৰ ফলত জুইৰ সূত্ৰপাত হৈ ছিলিণ্ডাৰ বিস্ফোৰণ হয়।স্থানীয় ৰাইজে তৎক্ষণাত জুই নিয়ন্ত্ৰণৰ চেষ্টা চলায় যদিও জুইৰ তীব্ৰতাৰ বাবে অধিক ক্ষতি হয়। সৌভাগ্যক্ৰমে এই ঘটনাত কোনো প্ৰাণহানি হোৱা নাই। ঘটনা স্থলীত তাৰাবৰী আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ