
ডিব্ৰুগড়, ১৪ প্ৰিল (হি.স.)। ৰাজ্য জুৰি ৰঙালী বিহুৰ উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। আজি গৰু বিহু। উচাহৰ মাজতো প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন প্ৰথমটো গৰু বিহু যে উৰুঙা উৰুঙা। দুলীয়াজানৰ কছাৰী পথাৰত ৰাইজে পালন কৰে গৰু বিহু । পুৱা মাহ হালধিৰে গৰু গা ধুৱাই পালন কৰে গৰু বিহু। লগতে লাও, বেঙেনা,থেকেৰা,কেৰেলা আদি চাটত ভৰাই মাখিলটিৰে গৰু কোবাই পৰম্পৰাগতভাৱে ৰাইজে গৰু বিহু পালন কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা