দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে উদ্বোধন, উত্তৰাখণ্ডত দ্ৰুতগতিত বৃদ্ধি পাব নিয়োগ আৰু পৰ্যটন
ডেৰাডুন, ১৪ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ১২ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত ২০৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ দিল্লী-ডেৰাডুন প্ৰৱেশ নিয়ন্ত্ৰিত অৰ্থনৈতিক কৰিডৰ দেশৰ বাবে উৎসৰ্গা কৰে। এই এক্সপ্ৰেছৱেই দিল্লী আৰু ডেৰাডুনৰ মাজত সংযো
कार्यक्रम में माैजूद जनसमूह काे संबाेधित करते प्रधानमंत्री नरेन्द्र मोदी।


ডেৰাডুন, ১৪ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ১২ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত ২০৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ দিল্লী-ডেৰাডুন প্ৰৱেশ নিয়ন্ত্ৰিত অৰ্থনৈতিক কৰিডৰ দেশৰ বাবে উৎসৰ্গা কৰে। এই এক্সপ্ৰেছৱেই দিল্লী আৰু ডেৰাডুনৰ মাজত সংযোগ শক্তিশালী কৰাৰ লগতে দেশৰ আধুনিক আন্তঃগাঁথনি শক্তিশালী কৰিব।

প্ৰধানমন্ত্ৰীয়ে ডেৰাডুনৰ গড়ীকেণ্টৰ সেনাবাহিনীৰ যশৱন্ত সিং খেলপথাৰত অনুষ্ঠিত এক অনুষ্ঠানত ডেৰাডুন-দিল্লী এক্সপ্ৰেছৱে উদ্বোধন কৰে। ইয়াৰ ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উচ্চ বন্যপ্ৰাণী কৰিড’ৰে ৰাজাজী ৰাষ্ট্ৰীয় উদ্যান আৰু শিৱলিক বনাঞ্চলৰ সৌন্দৰ্য্যক সামৰি লৈছে। ই এছিয়াৰ আটাইতকৈ দীঘলীয়া উচ্চ বন্যপ্ৰাণী কৰিডৰ, ইয়াক ওপৰত তীব্ৰবেগী বাহন আৰু তলত বন্যপ্ৰাণী (হাতী, বাঘ, আৰু সাম্বাৰ) নিৰাপদে চলাচল কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। এই অৰ্থনৈতিক কৰিডৰে উত্তৰাখণ্ডৰ অগ্ৰগতিৰ বাবে নতুন পথ মুকলি কৰিব, আৰু এক্সপ্ৰেছৱেই উত্তৰাখণ্ডত নিয়োগ, পৰ্যটন, উদ্যোগ, আৰু অন্যান্য সম্ভাৱনাৰ দ্ৰুত বিকাশ ঘটাব।

এই সুযোগতে প্ৰধানমন্ত্ৰীয়ে ১৯৬২ চনৰ যুদ্ধৰ যোদ্ধা যশৱন্ত সিঙকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী, ৰাজ্যপাল গুৰমীত সিং, মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অজয় তামতা, বিজেপিৰ ৰাজ্যিক সভাপতি মহেন্দ্ৰ ভট্ট, প্ৰাক্তন ৰাজ্যপাল ভগত সিং কোশ্যাৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় বহুগুনা, ত্ৰিবেন্দ্ৰ সিং ৰাৱট, তিৰথ সিং ৰাৱট, ৰমেশ পোখৰিয়াল নিশাংক, সাংসদ অনিল বালুনি, ইত্যাদি উপস্থিত থাকে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande