দক্ষিণ শালমাৰাত ব্ৰহ্মপুত্ৰ নদীত অচেনাক্ত মৃতদেহ উদ্ধাৰ
দক্ষিণ শালমাৰাত ব্ৰহ্মপুত্ৰ নদীত অচেনাক্ত মৃত্যুদেহ উদ্ধাৰ।
দক্ষিণ শালমাৰাত ব্ৰহ্মপুত্ৰ নদীত অচেনাক্ত মৃতদেহ উদ্ধাৰ


দক্ষিণ শালমাৰা মানকাচৰ, ১৪ এপ্ৰিল (হি.স.): দক্ষিণ শালমাৰাত ব্ৰহ্মপুত্ৰ নদীত যোৱা কালি সোমবাৰে বিয়লি এটি অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰা হয় । দেৱাৰী খোলা ব্ৰহ্মপুত্ৰ নদীৰ পানীত উপঙি থকা অৱস্থাত দক্ষিণ শালমাৰা আৰক্ষীয়ে উদ্ধাৰ কৰে৷

আৰক্ষী সূত্ৰে জানিব দিয়া মতে, দেৱাৰিখোলাৰ ব্ৰহ্মপুত্ৰ নদীত পানীত মৃত্যুদেহটো উপঙি যোৱাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি দক্ষিণ শালমাৰা আৰক্ষীক জনোৱাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ গেলি পচি যোৱা চিনিব নোৱাৰা দেহটো উদ্ধাৰ কৰে ৷ মৃতদেহটোৰ হাতত সুতা বন্ধা থকাৰ বাবে হিন্দু মানুহৰ দেহ হ’ব বুলি ধাৰণা কৰে ৷ বৰ্তমান মৃতদেহটো মৰণোত্তৰ পৰিক্ষাৰ বাবে আৰক্ষীয়ে ধুবুৰীলৈ প্ৰেৰণ কৰে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande