
নতুন দিল্লী, ১৪ এপ্ৰিল (হি.স.)। পশ্চিম এছিয়াত চলি থকা সংকটৰ মাজতে খাৰুৱা তেলৰ মূল্য হ্ৰাস পাইছে। ইৰাণ-আমেৰিকাৰ আলোচনাত অগ্ৰগতিৰ আশাৰ মাজতে মঙলবাৰে খাৰুৱা তেলৰ মূল্য পুনৰবাৰ প্ৰতি বেৰেলত প্ৰায় ৯৬ ডলাৰ হয়।
আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ৰ আৰম্ভণিতে পশ্চিম টেক্সাছ ইণ্টাৰমিডিয়েট (ডব্লিউ টি আই) খাৰুৱা তেলৰ মূল্য ২.২৯ ডলাৰ বা ২.৩১ শতাংশ হ্ৰাস পাই প্ৰতি বেৰেলত ৯৬.৭৯ ডলাৰ হয়। ইফালে ব্ৰেণ্টৰ মূল্য ১.৪৭ ডলাৰ বা ১.৪৮ শতাংশ হ্ৰাস পাই প্ৰতি বেৰেলত ৯৭.৪৮৩ ডলাৰ হয়।
ইয়াৰ এদিন পূৰ্বে সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে হৰমুজ জলদ্বীপত অৱৰোধ ঘোষণা কৰাৰ পিছত খাৰুৱা তেলৰ মূল্য ৭ শতাংশতকৈ অধিক বৃদ্ধি পাইছিল। খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১০৪ ডলাৰ হৈছিল। বিশেষজ্ঞসকলে কয় যে আমেৰিকা আৰু ইৰাণৰ পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে খাৰুৱা তেলৰ মূল্যৰ এই উঠা-নমা অব্যাহত থাকিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া