
নয়ডা, ১৪ এপ্ৰিল (হি.স.)। ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ উত্তৰ প্ৰদেশৰ নয়দাত সোমবাৰে শ্ৰমিকৰ হিংসাত্মক প্ৰতিবাদ এক সুপৰিকল্পিত ষড়যন্ত্ৰ আছিল আৰু ইয়াৰ আঁৰৰ ঘটনাৰ পুংখানুপুংখ তদন্ত কৰি সমগ্ৰ ষড়যন্ত্ৰ উদঙাই দিব আৰক্ষীয়ে।
মঙলবাৰে গৌতম বুদ্ধ নগৰৰ আৰক্ষী আয়ুক্ত লক্ষ্মী সিঙে কয় যে শ্ৰমিকৰ প্ৰতিবাদ পৰিচালনাৰ বাবে কেৱল কেইবাটাও হোৱাটছএপ গ্ৰুপ সৃষ্টি কৰাই নহয়, কিউআৰ ক’ড স্ক্যানাৰ ব্যৱহাৰ কৰি শ্ৰমিককো সংযোজন কৰা হৈছে। আৰক্ষী আয়ুক্তগৰাকীয়ে লগতে কয় যে সোমবাৰে বিভিন্ন স্থানত সংঘটিত হোৱা হিংসাত্মক প্ৰতিবাদৰ সন্দৰ্ভত এতিয়ালৈকে ৭টা এফআইআৰ পঞ্জীয়ন হোৱাৰ লগতে ৩৯৬ জনতকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
আৰক্ষী আয়ুক্তগৰাকীয়ে কয়, যোৱা দুদিনত কেইবাটাও হোৱাটছএপ গ্ৰুপ সৃষ্টি হৈছে, য'ত কিউআৰ ক'ড স্কেন কৰি শ্ৰমিকক সংযোগ কৰা হৈছে। ইয়াৰ পৰা বুজা যায় যে এই কামৰ আঁৰত এটা সংগঠিত আৰু সুপৰিকল্পিত নেটৱৰ্ক আছে। তেওঁ কয় যে অশান্তিৰ সৈতে জড়িত ব্যক্তিসকলক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা হৈছে, আৰু ব্যৱস্থা অব্যাহত আছে। অনাগত দিনত আৰু অধিক গ্ৰেপ্তাৰ কৰা হ’ব। তেওঁ কয় যে ভিৰৰ মাজত এনে উপাদান চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা হৈছে, আৰু ভৱিষ্যতে আৰু গ্ৰেপ্তাৰ কৰা হ’ব।
এই প্ৰতিবাদৰ আঁৰত বিদেশী জড়িত থকাৰ সম্ভাৱনা নুই কৰা নাই আৰক্ষী আয়ুক্তই। তেওঁ উল্লেখ কৰে যে এই আন্দোলনৰ আঁৰৰ ধনৰ তদন্তও কৰা হ’ব। যদিহে তেওঁলোকে ৰাজ্য বা দেশৰ বাহিৰৰ পৰা আৰ্থিক সাহায্য লাভ কৰা বুলি ধৰা পৰে তেন্তে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
তেওঁ জনোৱা মতে, শ্ৰমিকৰ কিছুমান হোৱাটছএপ আড্ডা পোৱা গৈছে, যিয়ে মানুহক ঘৰৰ পৰা জলকীয়া গুড়ি আনি আৰক্ষীক আক্ৰমণ কৰিবলৈ উচটনি দিছে। মেছেজবোৰত লিখা আছিল, ভাইসকল, লাঠিৰে একো নহ'ব, চিলি পাউদাৰ লৈ আহক। সেয়াই হ'ল। তেওঁ সকলো ভাই-ভনীক চিলি পাউদাৰ লৈ আহিবলৈ আহ্বান জনায়। যিমান পাৰি সিমান। ইয়াত আন এজনে লিখিছে, আমাৰ দাবী শুনা নোহোৱালৈকে ধৰ্মঘট অব্যাহত থাকিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া