বটদ্ৰৱাৰ শলগুৰি সত্ৰৰ ৰাইজে সাতমপুৰুষীয়া ৰীতি নীতি মানি পালন কৰিছে গৰু বিহু
নগাঁও, ১৪ এপ্ৰিল (হি.স.)। অসমীয়া চহা জীৱনত অংগাংগীভাৱে জড়িত হৈ আছে গোধন। সেই বাবেই চাগে বাপতি সাহোন ৰঙালী বিহুৰ প্ৰথমটো দিনত পালন কৰা হয় গৰু বিহু। অসমীয়া চহা জীৱনৰ অন্যতম উৎসৱ এই গৰু বিহুত ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে পৰম্পৰাৰে।

সমান্তৰালকৈ বটদ্ৰৱাৰ শলগুৰি সত্ৰৰ ৰাইজে সাতমপুৰুষীয়া ৰীতি নীতি মানি পালন কৰিছে গৰু বিহু। শলগুৰি সত্ৰৰ ডেকা বুঢ়া, জীয়ৰী বোৱাৰী সকলোৱে একগোট হৈ গৰুক গোন্ধ তেল সানি, নোৱাই ধুৱাই, বিহু গীত গাই আনন্দ উপভোগ কৰে। দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই ঘৰৰ গৰু কেইটাৰ দীৰ্ঘায়ু আৰু নশক্তি কামনা কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা

 rajesh pande