
পাটনা, ১৪ এপ্ৰিল (হি.স.)। বিহাৰৰ ৰাজনীতিত মঙলবাৰে এক বৃহৎ পৰিঘটনা সংঘটিত হয় যেতিয়া মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত বৰ্তমানৰ চৰকাৰখন ভংগ কৰাৰ সিদ্ধান্ত লোৱা হয়। প্ৰায় ২০ মিনিটৰ বৈঠকত কেবিনেটে সৰ্বসন্মতিক্ৰমে এই প্ৰস্তাৱত অনুমোদন জনাই চৰকাৰৰ আনুষ্ঠানিক অন্ত পৰাৰ পথ মুকলি কৰে।
কেবিনেট বৈঠকৰ সময়ত মন্ত্ৰীসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আৱেগিকভাৱে ঘোষণা কৰে যে তেওঁ দিল্লীলৈ যাব যদিও তাৰ পৰাই ৰাজ্যৰ পৰিস্থিতি নিৰীক্ষণ কৰি যাব। তেওঁ সকলো মন্ত্ৰীলৈ স্নেহ আৰু কৃতজ্ঞতা প্ৰকাশ কৰে। ইয়াৰ পিছতে তেওঁ কেবিনেট ভংগৰ কথা ঘোষণা কৰি বৈঠকত আৱেগিক পৰিৱেশৰ সৃষ্টি কৰে।
বৈঠকৰ অন্তত মন্ত্ৰী লখেন্দ্ৰ পাছোৱানে সভাখনক আৱেগিক মুহূৰ্ত বুলি অভিহিত কৰি সকলো মন্ত্ৰীকে আৰু ভাল প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰে। তেওঁ কয় যে বিহাৰক উন্নত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে উল্লেখযোগ্য প্ৰচেষ্টা হাতত লৈছে, এতিয়া ইয়াক আগুৱাই নিয়াটো সকলোৰে দায়িত্ব।
ইফালে মন্ত্ৰী ৰাম কৃপাল যাদৱে এই মুহূৰ্তটো আৱেগিক বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে নীতিশ কুমাৰে ৰাজ্যখনৰ উন্নয়নৰ বাবে প্ৰায় ২০ বছৰ ধৰি কাম কৰি আহিছে, আৰু এতিয়া তেওঁ ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিবলৈ ওলাইছে।
মন্ত্ৰী লেছি সিঙেও ইয়াক গৌৰৱ আৰু আৱেগিক মুহূৰ্ত বুলি অভিহিত কৰে। ইমান দিনে এনে এগৰাকী নেতাৰ সৈতে কাম কৰাটো এক সন্মানৰ কথা বুলিও কয় ছানীয়ে।
মন্ত্ৰীসভা ভংগ কৰাৰ পিছত আজি বিয়লি ৩:১৫ বজাত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিব । ইফালে ভাৰতীয় জনতা পাৰ্টিয়েও আজি বিধায়িনী দলৰ এক গুৰুত্বপূৰ্ণ বৈঠক আহ্বান কৰিছে, য’ত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে শিৱৰাজ সিং চৌহানে অংশগ্ৰহণ কৰিব। পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনও পাটনাত উপস্থিত হোৱাৰ খবৰ পোৱা গৈছে।
নতুন চৰকাৰ গঠন আৰু সম্ভাৱ্য শপত গ্ৰহণৰ বাবে এতিয়া ৰাজনৈতিক মহলত প্ৰস্তুতি তীব্ৰতৰ হৈ পৰিছে ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া