
নতুন দিল্লী, ১৪ এপ্ৰিল (হি.স.)। বৈশাখীৰ শুভ ক্ষণ উপলক্ষে উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে ইয়াত গুৰদ্বাৰা ৰাকব গঞ্জ চাহাবত উপস্থিত হৈ দেশবাসীৰ সুখ, শান্তি, সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰি প্ৰণাম জনায়।
এই উপলক্ষে দিল্লীৰ উপ-ৰাজ্যপাল তৰঞ্জিত সিং সন্ধু আৰু দিল্লীৰ মন্ত্ৰী মঞ্জিন্দৰ সিং ছিৰছাও উপস্থিত থাকে।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সংগতৰ লগতে গুৰদ্বাৰা চৌহদত প্ৰণাম জনাই বৈশাখীৰ এই গুৰুত্বপূৰ্ণ উৎসৱত পাৰস্পৰিক সম্প্ৰীতি, সমৃদ্ধি, দেশৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া