
আলৱাৰ (ৰাজস্থান), ১৪ এপ্ৰিল (হি.স.)। ৰাজস্থানৰ আলৱাৰ জিলাৰ দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ত মঙলবাৰে সংঘটিত পথ দুৰ্ঘটনাত তিনিজন লোক নিহত হোৱাৰ লগতে কমেও ৩০ জন আহত হয় । এই দুৰ্ঘটনাত কমেও ৩০ জন আহত হয়। ৰাজগড় আৰক্ষী থানা এলেকাৰ অন্তৰ্গত পিনানৰ চেনেল ১০০ ইন্টাৰচেঞ্জ কালভাৰ্টৰ সমীপত ইন্দোৰৰ পৰা দিল্লী অভিমুখী এখন ট্ৰেভেল বাছে সন্মুখত গৈ থকা এখন ৰাসায়নিক ভৰ্তি ট্ৰাকৰ সৈতে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় ।
নিহতসকলৰ ভিতৰত আছে বাছ চালক, এগৰাকী মহিলা আৰু এটা শিশু। দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে এন এইচ আই এৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। আহত আটাইকেইজনক এম্বুলেন্সেৰে পিনানৰ আদৰ্শ কমিউনিটি হেল্থ চেণ্টাৰলৈ লৈ যোৱা হয়। গুৰুতৰভাৱে আহত যাত্ৰীসকলক আলৱাৰ আৰু জয়পুৰলৈ প্ৰেৰণ কৰা হৈছে। ষ্টেচন হাউছৰ বিষয়া ৰাজেশ মীনাই কয় যে প্ৰাথমিক তথ্য অনুসৰি চালকজন টোপনি যোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া